কলিয়াবৰৰ শাকমুঠীয়া চাহ বাগিচাত জব্দ গৰু ভৰ্তি বাহন…

কলিয়াবৰৰ শাকমুঠীয়া চাহ বাগিচাত জব্দ গৰু ভৰ্তি বাহন…

author-image
asomiyapratidin
New Update
কলিয়াবৰৰ শাকমুঠীয়া চাহ বাগিচাত জব্দ গৰু ভৰ্তি বাহন…

ডিজিটেল সংবাদ,কলিয়াবৰ: ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ সঘন অভিযানৰ বাৱেই ত্ৰাহি মধুসুদন সুঁৱৰি এইবাৰ গো সৰবৰাহকাৰীয়ে গ্ৰহন কৰিছে নতুন কৌশল। শেহতীয়াকৈ আৰক্ষীৰ চকুত ধূলি দিবলৈ চোৰাং ব্যৱসায়ীয়ে চাহ বাগিছাৰ মাজে মাজে সৰবৰাহ কৰিছে গোধন।

কলিয়াবৰৰ শাকমুঠীয়া চাহ বাগিছাত বাগিছাৰ কৰ্মীয়ে কৰায়ত্ত কৰে এখন গোধন সৰবৰাহকাৰী বাহন। এ এছ AS 02 বিচি ৮২১৫ নম্বৰৰ বাহনখন শনিবাৰে কৰায়ত্ত কৰে ৰাইজে। চি

কনি চাহ বাগিছা হৈ শাকমুঠীয়া চাহ বাগিছা পাৰ হ'ব খোজোতেই বাগিছাখনৰ গেটত গাওঁৰক্ষী বাহিনীৰ লগতে বাগিছাখনৰ চকীদাৰে কৰায়ত্ত কৰে বাহনখন। বাহনখন গেটত ৰখাই গাড়ীখনত থকা দুজনকৈ লোক পলাই যাবলৈ সক্ষম হয়। গাড়ীখনত প্ৰায় ১৪ টা গোধন উদ্ধাৰ কৰা হৈছে ৷

আৰু পঢ়ক: মৃত্যুৰ পাছতো ৫ জনৰ প্ৰাণ ৰক্ষা কৰিলে এগৰাকী মহিলাই…

assam cattle cow