/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/3fef45d6-2713-403a-87f3-614b772eac53/trt.jpg)
ডিজিটেল সংবাদ, লামডিং: ভাৰতীয় ৰেলত এতিয়া সৰবৰাহ হৈছে লাখ লাখ নগদ টকা ৷ লামডিং জংচনত টকাৰ উজান উঠিছে ৷ লামডিং জংচনত চলন্ত ৰেলৰ পৰা আৰ পি এফৰ চি আই বি, এছ আই বি আৰু ৰেল আৰক্ষীৰ যৌথ অভিযানত বৃহস্পতিবাৰে নিশা প্ৰায় ৮-৩০ বজাত বৃহৎ পৰিমানৰ টকা জব্দ হৈছে।
১২০৬৮ নামনিমুৱা যোৰহাট টাউন-গুৱাহাটী জন শতাব্দী ৰেলৰ ডি-৬ ডবাৰ ১০৮ নম্বৰ চিটৰ পৰা ৰেল আৰক্ষী তথা আৰ পি এফৰ অভিযানত উদ্ধাৰ হৈছে ধনখিনি।অভিযানৰ সময়ত অভিযানকাৰী দলটোৱে ৩৩ লাখ ৭০ হাজাৰ জব্দ কৰিবলৈ সক্ষম হয়।
এই ঘটনা সন্দৰ্ভত ৰেল আৰক্ষী সূত্ৰে প্ৰকাশ কৰামতে শৰ্মিলা মাহাতু নামৰ এগৰাকী মহিলাই এই বৃহৎ পৰিমাণৰ ধনৰাশি ডিমাপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰিছিল ৷ ৰেল আৰক্ষীয়ে সমগ্র বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।আৰক্ষীয়ে কোনো ব্যক্তিৰ ক'লা ধন সৰবৰাহ কৰা নাইবা কৰ ফাকি দিয়াৰ উদ্দেশ্যৰে এইদৰে ৰেলযোগে এই বৃহৎ ধনৰাশিসমূহ সৰবৰাহ কৰা বুলি সন্দেহ কৰিছে ৷