বিপদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ হায়দৰাবাদত ৰুজু হ’ল গোচৰ…

বিপদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ হায়দৰাবাদত ৰুজু হ’ল গোচৰ…

author-image
asomiyapratidin
New Update
বিজেপিক ভোট দিবলৈ কংগ্ৰেছ বিধায়কক আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ…

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হায়দৰাবাদত ৰুজু কৰা হৈছে গোচৰ। কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ পিছতেই সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কংগ্ৰেছৰ বিভিন্ন নেতাৰ লগতে আন আন বিৰোধী নেতাইয়ো ৰাহুল গান্ধী সন্দৰ্ভত বিতৰ্কিত মন্তব্য হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰিছে।

ইয়াৰ মাজতে হায়দৰাবাদৰ জুবিলী হিলছ আৰক্ষী থানাত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে তেলেংগানা প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি তথা সাংসদ এ ৰেৱন্ত ৰেড্ডীয়ে। ভাৰতীয় দণ্ডবিধিৰ ৫০৪ আৰু ৫০৫ (২) ধাৰাৰ অধীনত ৰুজু কৰা হৈছে এই গোচৰ।

উল্লেখ্য যে বিগত ১১ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ সম্পৰ্কে বিতৰ্কিত মন্তব্য আগবঢ়াইছিল। উত্তৰাখণ্ডৰ উধাম সিং নগৰত অনুষ্ঠিত হোৱা সভাখনত তেওঁ ৰাহুল গান্ধীয়ে চাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচৰাৰ বিষয়ে উত্থাপন কৰি তেওঁৰ পিতৃৰ পৰিচয় সম্পৰ্কে কোনেও প্ৰশ্ন কৰা নাই বুলি এক আপত্তিজনক মন্তব্য কৰিছিল।

rahul gandhi bjp himanta biswa sarma congress