/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/f7385332-c0ae-4c34-a927-0a0912443f44/3.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাট: কাৰ্বি আংলং জিলাৰ লাংহিনত লাংহিন পাব্লিক লাইব্ৰেৰীৰ উদ্যোগত দেওবাৰে পুৱা ১০বজাত কেৰিয়াৰ কাউঞ্চেলিং নামৰ এটা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। লাংহিন পাব্লিক লাইব্ৰেৰীৰ সভাপতি ঝতুৰাজ বসুমতাৰীৰ সভাপতিত্বত কেৰিয়াৰ কাউঞ্চেলিঙৰ সভাখন অনুষ্ঠিত কৰা হয়। সভাৰ আঁত ধৰে সম্পাদক হানুৰাম গয়াৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/07f2d402-6125-47e6-935b-37a09d3ee0c8/554aceeb-82f9-4ac5-a818-279fac7eff8b.jpg)
সভা উদ্বোধন কৰে কাৰ্বি আংলং জিলা স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰীয়ে। সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্য অকাডেমি এডভাইজাৰী বৰ্ডৰ আহ্বায়ক তৰেণ বড়ো। লাংহিনৰ বৃহত্তৰ অঞ্চলটোৰ চাৰি শতাধিক ছাত্ৰ ছাত্ৰী, বিভিন্ন বড়ো সংগঠনৰ বিষয় ববীয়াসকলে উপস্থিত থকা সভাত কেৰিয়াৰ কাউঞ্চেলিঙৰ বিষয়ে সাৰগৰ্ভ ভাষণ দিয়াৰ লগতে বড়োৱে বিশিষ্ট লেখক থানেশ্বৰ গয়াৰীয়ে ৰচনা কৰা 'কথা শৈলী' উন্মোচন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/f9d21a22-c058-45ff-809c-3f0113301f42/964f040a-f66f-4333-a56c-36e6a9df59f7.jpg)
আনহাতে এই সভাতে সাহিত্য অকাডেমি বঁটা প্ৰাপক ঋতুৰাজ বসুমতাৰীয়ে ৰচনা কৰা নাটক 'জৌহৌলাও লংলাৱদাউ আৰু গোবোন গোবোন থুনফাউথাই' উন্মোচন কৰে কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰীয়ে। কেইবা শতাধিক ছাত্ৰ ছাত্ৰীককেৰিয়াৰ কাউঞ্চেলিঙৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে নগাঁও জিলাৰ নিযুক্তি বিষয়া ড° কুনাল কান্টি বড়োৱে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/62c0e20e-e744-4fdd-b1a1-d4f22f33237f/32957301-3795-4455-88ff-81d9426ec832.jpg)
সভাত ৰেডিঅ' আৰ্টিষ্ট তথা সংগীত শিল্পী জয়মতী নাৰ্জাৰী, সাহিত্য অকাডেমি বঁটা প্ৰাপক অৰবিন্দ উজীৰ, বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি বিশ্বেশ্বৰ বসুমতাৰী, কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰী, সাহিত্য অকাডেমি বঁটা প্ৰাপক ড° প্ৰেমানন্দ মোছাহাৰী, ড° কুনাল কান্টি বড়ো, থানেশ্বৰ গয়াৰী, নিৰ্মল বসুমতাৰী আদি উপস্থিত থাকে ।