মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত ঢকুৱাখনাত কেৰিয়াৰ কাউন্সিলিং কাৰ্যসূচী

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত ঢকুৱাখনাত কেৰিয়াৰ কাউন্সিলিং কাৰ্যসূচী

author-image
asomiyapratidin
New Update
মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত ঢকুৱাখনাত কেৰিয়াৰ কাউন্সিলিং কাৰ্যসূচী

ডিজিটেল সংবাদ ,ঢকুৱাখনা: হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ লগতে স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থী সকলক বিদ্যায়তনিক শিক্ষা আৰু বৃত্তিমুখী  শিক্ষা নিৰ্বাচনৰ সহায়ক হোৱাকৈ এক  কেৰিয়াৰ  কাউন্সিলিং কাৰ্যসূচী দেওবাৰে অনুষ্ঠিত হয় ঢকুৱাখনাত । মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ২১ নং  পূব ঢকুৱাখনা মাতমৰা আৰু ২২ নং  খেৰকটা ডাংধৰা  সমষ্টিৰ  বিদ্যালয় সমূহৰ  দশম, একাদশ আৰু দ্বাদশ আৰু দ্বাদশ  উত্তীৰ্ণ  শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ অংশ গ্ৰহনেৰে  ব্ৰহ্মপুত্ৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই মনোজ্ঞ কাৰ্যসূচী ।

Advertisment

  গুৱাহাটীৰ অসম ডাউন টাউন বিশ্ববিদ্যালয় আৰু মিচিং স্বায়ত্ব শাসিত পৰিষদৰ যৌথ উদ্যোগত আৰু টাকাম মিচিং পৰিন কৌবাংৰ সৌজন্যত দেওবাৰে পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত এই মনোজ্ঞ কাৰ্যসূচী উদ্ধোধন কৰি আদৰণি ভাষণ আগবঢ়াই  মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ  সুনীল কুমাৰ পেগুৱে ।

দুই পৰিষদীয় সমষ্টিৰ  সহস্ৰাধিক শিক্ষাৰ্থী আৰু শিক্ষানুৰাগী ৰাইজে অংশগ্ৰহণ কৰা কাৰ্যসূচীত  সমল ব্যক্তি  হিচাবে  বৃত্তিমুখী আৰু  ইস্পিত শিক্ষা সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই "মতিভেচনেল স্পীকাৰ এণ্ড কৰ্পৰেট ট্ৰেইনাৰ" অঞ্জন চৌধুৰীয়ে ।"কেৰিয়াৰ গঢ়িবলৈ সপোন থাকিব লাগিব বুলি কৈ  চৌধুৰীয়ে এই সপোন বাস্তৱায়িত কৰিবলৈ সঠিক পাঠ্যক্ৰম নিৰ্বাচন কৰি একাগ্ৰতা আৰু প্ৰণালীবদ্ধতাৰে অধ্যয়নত ব্ৰতী হ'বই লাগিব বুলি কয় ।

চৌধুৰীয়ে উপস্থিত ছাত্ৰ ছাত্ৰী সকলৰ সতে মুকলি বাৰ্তালাপ কৰি শিক্ষাৰ্থী সকলৰ বিভিন্ন প্ৰশ্নৰ সুদুত্তৰ প্ৰদান কৰে । কাৰ্যসূচীত অন্যতম সমল ব্যক্তি হিচাবে  "মাৰ্কেটিং বিভাগ"ৰ সহকাৰী প্ৰবন্ধক ইফটাৰ আহমেদ, "প্ৰগ্ৰাম কোঅৰ্ডিনেটৰ" মানৱ প্ৰতিম চুতীয়ায়ো  কেৰিয়াৰ নিৰ্বাচন আৰু পাঠ্যক্ৰম গ্ৰহণৰ ক্ষেত্ৰত শিক্ষাৰ্থী সকলৰ  কৰণীয়তা সন্দৰ্ভত সাৱলীল বক্তব্য আগবঢ়াই উপস্থিত সকলোৰে লগত মত বিনিময় কৰে আৰু শিক্ষাৰ্থী সকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে ।

পৰিষদৰ কাৰ্যবাহী সদস্য ইন্দিৰা চিন্তে  কুম্বাং , সাধাৰণ  সদস্য বিউটি পেগু  , ঢকুৱাখনা জিলা পৰিষদৰ সদস্য ইন্দ্ৰ কুমাৰ চুংক্ৰাং , মিচিং জাতিয় সংগঠন টি এম পি কে ,এম এম কে আৰু টি এম এম কেৰ  কেন্দ্ৰীয় আৰু জিলা নেতৃবৰ্গ যতীন পেগু ,ক্ষীৰোদ পেগু ,খনিন্দ্ৰ মেদক,ৰাজীৱ দলে, ভূপেন দলে , মোহন পেগু , দ্বীপেন দলে , বৃগেন দলে , দীপাঞ্জল দলে , নাথুৰাম পেগু ,   ৰেণুমাই দলে , নিৰু  লাগাচু , পূৰ্ণিমালা কুম্বাং , খেৰকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ  প্ৰধান শিক্ষক হেমন্ত পেগু  ,ডাংধৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কৰুণা গোহাঁই ,   ব্ৰহ্মপুত্ৰ  মহাবিদ্যালয়ৰ অধ্যক্ষ গুণীন্দ্ৰ পেগুকে ধৰি গৰিষ্ঠ সংখ্যক লোক উপস্থিত থাকি বহুলাংশে উপকৃত হয় ।

কাৰ্যসূচীৰ সফল সামৰণি বক্তব্য ৰাখি ছাত্ৰ ছাত্ৰী সকলক শিক্ষা গ্ৰহণৰ লক্ষ্য আৰু উদ্দেশ্য সঠিক নিৰ্বাচন কৰি  একাগ্ৰতাৰে অধ্যয়নত ব্ৰতী হলে ইস্পিত লক্ষ্যত উপনীত হোৱাটো কষ্টকৰ নহয় বুলি কৈ এম এ চিৰ অধ্যক্ষ সুনীল কুমাৰ  পেগুৱে পৰৱৰ্তী সময়ত এনে অধিক কেৰিয়াৰ কাউন্সিলিং কাৰ্যসূচী পৰিষদে গ্ৰহণ কৰি শিক্ষাৰ্থী সকলৰ শৈক্ষিক উত্তৰণৰ মাৰ্গ দৰ্শন কৰি যাব বুলি মন্তব্য কৰে ।

আৰু পঢ়ক: টকাৰ বাবে মাৰপিট, এজনৰ মৃত্যু…

assam dhakuakhana