/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3cf086aa-fd87-47d7-9c2b-5163bbc92399/on_fire.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ ৰাজপথত জ্বলি উঠিল এখন গাড়ী ৷ খুটিকটীয়াৰ এটা পেট্ৰল ডিপোৰ সন্মূখত গাড়ীখন জ্বলি উঠাত হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় ৷ এ এছ ২৩ চি ৬৬৫৫ নম্বৰৰ গাড়ীখনৰ প্ৰথমে ইঞ্জিনত জুই লাগে ৷ পিছত জুয়ে গাড়ীখন আগুৰি ধৰে ৷
স্হানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনীয়ে জ্বলন্ত গাড়ী খনৰ জুই নিৰ্বাপন কৰে ৷ জানিব পৰা মতে তিনিচুকীয়া জিলাৰ পঞ্জীয়ন থকা গাড়ীখন গুৱাহাটীৰ পৰা নগাঁৱলৈ আহিছিল ৷ ঘটনাটোত কোনো লোকৰ ক্ষতি হোৱা নাই ৷