কাছাৰত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী...

কাছাৰত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী...

ডিজিটেল ডেস্কঃ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত । কাছাৰৰ ধলাই চন্নিঘাটত ড্ৰাগছ সৰবৰাহকাৰীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা । গোপন সূত্ৰৰ ভিত্তিত আজি সন্ধিয়াৰ ভাগত শিলচৰ আইজল সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ কাছাৰৰ ধলাই চন্নিঘাটত আৰক্ষীৰ চলিছিল ড্ৰাগছ বিৰোধী এক অভিযান ।

এখন ব্যক্তিগত বাহন আৰু এখন স্কুটিৰে তিনি সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰৰ সময়ত আৰক্ষীৰ চলিছিল এই অভিযান । আৰক্ষীৰ এই অভিযান কালত আৰক্ষীৰ উমান পাই তিনি সৰবৰাহকাৰী পলাই যোৱাৰ চেষ্টা কৰে । পিছে আৰক্ষীয়ে তিনি সৰবৰাহকাৰী খেদি খেদি লৈ গৈ কৰায়ত্ত কৰাৰ বাবে দুই ৰাউণ্ড গুলীচালনা কৰে ৷

আৰক্ষীৰ এই গুলীচালনাত কোনো হতাহত নাই যদিও দুই সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয় আৰু এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰী জনৰ নাম তমিজুৰ ৰহমান । আৰক্ষীৰ এই অভিযানত ৫৫ চাবোনৰ বাকচত প্ৰায় ৭৫০ গ্ৰাম হেৰ’ইন জব্দ হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in