বাংলাদেশলৈ সৰবৰাহ কৰাত ব্যৰ্থঃ কাছাৰত চাৰিটা চোৰাং ম'হ জব্দ বিএছএফৰ...

বাংলাদেশলৈ সৰবৰাহ কৰাত ব্যৰ্থঃ কাছাৰত চাৰিটা চোৰাং ম'হ জব্দ বিএছএফৰ...

author-image
Asomiya Pratidin
New Update
বাংলাদেশলৈ সৰবৰাহ কৰাত ব্যৰ্থঃ কাছাৰত চাৰিটা চোৰাং ম'হ জব্দ বিএছএফৰ...

ডিজিটেল সংবাদ শিলচৰ: কাছাৰত চোৰাং পশু ধনৰ বিৰুদ্ধে অভিযান অব্যাহত আছে বিএছ এফৰ। বাংলাদেশলৈ সৰবৰাহৰ সময়ত চাৰিটা চোৰাং ম'হ জব্দ কৰে বিএছ এফে।

Advertisment

গোপন তথ্যৰ ভিত্তিত শুক্ৰবাৰে কাটিগৰা বাংলাদেশ সীমান্তৰ টুকুৰগ্ৰামত অভিযান চলাই বিএছএফৰ ১৭০ নম্বৰ বেটেলিয়নে ম'হ চাৰিটা জব্দ কৰিবলৈ সক্ষম হয়। কুশিয়াৰা নৈৰে বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা চলাওতে কৰ্তব্যৰত বিএছএফে কৌশলেৰে ম'হ কেইটা জব্দ কৰে।‌

বিএছএফৰ এক সূত্ৰই অবগত কৰা মতে, জব্দকৰা ম'হ কেইটাৰ মুল্য প্ৰায় দুই লাখ টকা। ম'হ কেইটা জব্দ কৰা হলেও কোনো লোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে বিএছ এফে। বিএছএফক দেখা মাত্ৰেই ম'হ এৰি পলাই যাবলৈ সক্ষম হয় চোৰাং ব্যৱসায়ী।

বাংলাদেশ