নৃশংস! প্ৰতিৱেশীৰ আক্ৰমণত প্ৰাণ গ'ল যুৱকৰ

সোমবাৰে কাছাৰৰ সোনাইত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড।

author-image
Asomiya Pratidin
New Update
নৃশংস! প্ৰতিৱেশীৰ আক্ৰমণত প্ৰাণ গ'ল যুৱকৰ

ডিজিটেল ডেস্ক: সোমবাৰে কাছাৰৰ সোনাইত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড।প্রতিবেশীৰ আক্রমণত মৃত্যু হয় এজন যুৱকৰ। মৃত যুৱকজনৰ নাম আব্দুল আলিম লস্কৰ বুলি জানিব পৰা গৈছে।

Advertisment

সোনাইৰ দক্ষিণ মোহনপুৰ গাঁৱত সংঘটিত এই ঘটনা। অভিযোগ অনুসৰি প্রতিৱেশী হাছান আহমদ লস্কৰৰ সৈতে হৈছিল কাজিয়াৰ সূত্রপাত। পৰৱৰ্তী সময়ত হাছানে ভাতৃৰ সহযোগত চোকা অস্ত্রৰে আক্রমণ কৰে আব্দুলক।

গুৰুতৰভাৱে আঘাতপ্রাপ্ত আব্দুলক স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু হয় আব্দুল আলিমৰ । ঘটনা সন্দৰ্ভত আৰক্ষী অবগত হোৱাৰ পাছতেই আৰম্ভ কৰিছে তদন্ত।

assam murder cachar