/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/7cb0ac9a-fa9c-4ac2-b5f0-f2ff2e36caa1/agranii.jpg)
Cabinet Press meet
ডিজিটেল ডেস্ক : ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সংবাদমেলযোগে এই কথা অৱগত কৰিলে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই। চিকিৎসা মহাবিদ্যালয়সমূহত ছয় জনগোষ্ঠীৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটত।
আনহাতে, পূৰ্বতকৈ দুখন আসন বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আজিৰ কেবিনেটত।প্রাক্তন সৈনিকৰ বাবে এম.বি.বি.এছ.ত পূৰ্বৰ ৩ খনৰ ঠাইত ৯ খন আসন বৃদ্ধি কৰা হ'ব। ইয়াৰ উপৰিও মেডিকেল কলেজৰ নিযুক্তিৰ বাবে বৃদ্ধি বয়সৰ সময়সীমা।আটাইকেইটা বিভাগৰ বাবে দুবছকৈ বৃদ্ধি কৰা হ'ব বয়সৰ সময়সীমা।
জেনেৰেলৰ শ্ৰেণীৰ বাবে ৩৮ বছৰৰ পৰিৱৰ্তে ৪০ বছৰ,অ'বিচি, এম.অ'বিচিৰ বাবে ৪০ বছৰৰ পৰিৱৰ্তে ৪২ বছৰ বয়সৰ সময়সীমা বৃদ্ধি। আনহাতে, এছ.টি, এছ.চিৰ ৪৩ বছৰ পৰিৱৰ্তে ৪৫ বছৰলৈ বৃদ্ধি বয়সৰ সীমা। ফিছাৰী নিগমৰ অধীনৰ ফিছাৰীসমূহলৈ সৌৰ পেনেলৰ অনুমতি প্ৰদান এপিডিচিএলক।
ইয়াৰ উপৰিও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কামৰ বাবে ৪৬.৩৮ কোটি টকাৰ আবণ্টন।কামৰূপ, যোৰহাট, হাইলাকান্দিলৈ আগবঢ়োৱা হৈছে এই আবণ্টন। পূজাত অসম চাহ নিগমৰ বাগানৰ কৰ্মচাৰীলৈ ২০ শতাংশ বোনাচ। গুণোৎসৱত A গ্রেড পোৱা ৪,৮২৬খন স্কুললৈ ২৫হাজাৰ টকাৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৰাজ্যিক কেবিনেটত।