ডিজিটেল ডেস্কঃ মঙলবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰা এক সংবাদমেলত কেবিনেটৰ সিদ্ধান্ত সমূহ ৰাজহুৱা কৰে।
আজিৰ কেবিনেটত ৰাজ্যত অনুষ্ঠিত হবলগীয়া আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যত নতুন ভোটাৰ তালিকা চলিত বৰ্ষৰে ৩০ডিচেম্বৰৰ পূৰ্বে প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। যদিহে ৩০ ডিচেম্বৰত তালিকা প্রকাশ পায়, তেন্তে ১০ ফেব্রুৱাৰীৰ পূৰ্বে নিৰ্বাচনৰ অন্ত পৰিব।
জানুৱাৰী মাহৰ প্রথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰাৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হোৱাৰ কথাও ৰাজহুৱা কৰে মুখ্যমন্ত্ৰীয়ে। ইফালে ২০২৫ৰ ২৪ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। আছাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্রাষ্ট্রাকচাৰ ছামিটত অংশ লোৱাৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী।
আজিৰ কেবিনেট বৈঠকত আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কৰিমগঞ্জ জিলাৰ নাম নতুনকৈ নামাকৰণ কৰা হৈছে আজিৰ কেবিনেটত। কৰিমগঞ্জ জিলাৰ নতুন নাম হৈছে- শ্ৰীভূমি। আজিৰ কেবিনেটত লগতে সিদ্ধান্ত লোৱা হয় যে, এতিয়াৰে পৰা আভিধানিক অৰ্থ নথকা সকলো স্থানৰ নাম পৰ্যায়ক্ৰমে সলনি কৰা হব।