কোকৰাঝাৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন

কোকৰাঝাৰৰ বিটিআৰ বিধান পৰিষদীয় ভৱনত অনুষ্ঠিত হ'ব অসম বিধান সভাৰ শীতকালীন অধিৱেশন ৷

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ কোকৰাঝাৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন । কোকৰাঝাৰৰ বিটিআৰ বিধান পৰিষদীয় ভৱনত অনুষ্ঠিত হ'ব অসম বিধান সভাৰ শীতকালীন অধিৱেশন ৷

Advertisment

কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনক লৈ সোমবাৰে বিয়লি বিটিআৰ বিধান পৰিষদীয় ভৱন পৰিদৰ্শন কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।

সংবাদমাধ্যমৰ আগত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদৰী কৰা মতে অহা নৱেম্বৰ - ডিচেম্বৰত কোকৰাঝাৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন ।

এসপ্তাহ ধৰি চলিব এই অধিৱেশন । মন্ত্ৰী -বিধায়কক ৰখাৰ বাবে কোকৰাঝাৰত সুব্যৱস্থা আছে । যাৰ ঘৰত ৰুম আছে তেওঁলোকে মন্ত্ৰী বিধায়কক আলহী হিচাপেও ৰাখিব পাৰিব ।

অসম বিধানসভাৰ সদস্যসকলক স্থানীয় কলা-কৃষ্টি -সংস্কৃতিৰ বিষয়ে অৱগত কৰোৱা হ'ব ।অঞ্চলৰ লগতে ভূটান পৰিভ্ৰমনো কৰিব পাৰিব মন্ত্ৰী বিধায়কসকলে । স্থানীয় লোকক বিধানসভাৰ কাৰ্যপ্ৰণালী প্ৰত্যক্ষ কৰাৰ সুযোগ প্ৰদান কৰা হ'ব । মুখ্যমন্ত্ৰী , মন্ত্ৰী, বিধায়ক সকলোৱে ইয়াতে এসপ্তাহ থাকিব ।

উল্লেখ্য যে, বিটিআৰ বিধান পৰিষদীয় ভৱন পৰিদৰ্শনৰ অন্তত বিশ্বজিৎ দৈমাৰীয়ে বিটিআৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো আৰু বিটিআৰ সচিবালয়ৰ প্ৰশাসনিক বিষয়াসকলৰ সতে এক বৈঠকত মিলিত হয় ৷

Also Read: অমিত শ্বাহৰ অৰুণাচল ভ্ৰমণৰ বিৰোধিতা চীনৰঃ ক'লে,এয়া সাৰ্বভৌমত্বৰ উলংঘন