/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/a5963fa9-abcb-4569-b57a-001fdb0b6dd9/cabinet.jpg)
ডিজিটেল ডেস্ক : স্থগিত ৰখা হ'ল বহু অপেক্ষিত ৰাজ্যিক কেবিনেটৰ শিলচৰৰ বৈঠক । ১১ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ পৰিকল্পনা আছিল এই বৈঠক খনৰ ।
এই সন্দৰ্ভত কাছাৰ জিলাৰ উপায়ুক্ত ৰোহান কুমাৰ ঝাই সংবাদ মেলৰ সন্মুখত প্ৰকাশ কৰা তথ্য অনুসৰি, বিভিন্ন কাৰণবশত: নৱেম্বৰৰ ১১ তাৰিখে অনুষ্ঠিত হ'ব লগীয়া বৈঠক খন স্থগিত ৰখা হৈছে আৰু পৰৱৰ্তী সময়ত অধিক সূচল ৰূপে অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাই থকা হৈছে । আনহাতে, প্ৰাপ্ত তথ্য অনুসৰি, চলিত মাহৰে ২৯ তাৰিখে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বৈঠক খনৰ ।
এই বৈঠক খন বৰাক উপত্যকাত অনুষ্ঠিত অসম চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক হ'ব । যাৰ বাবেই কেবিনেট বৈঠক খনৰ বাবে আশাৰে বাট চাই ৰৈছিল সমগ্ৰ বৰাক উপত্যকাবাসীয়ে ।
উল্লেখ্য যে, বৈঠক খনৰ জৰিয়তে বৰাক উপত্যকাৰ বহু গুৰুত্বপূৰ্ণ সমস্যা যেনে, বান সমস্যা, কৃত্ৰিম বান সমস্যা, শিলচৰ আৰু আন ঠাই সমূহৰ উন্নয়ন তথা মৃত্যুমুখী পৰ্যটন উদ্যোগটোক পুনৰ জীয়াই তুলিবলৈ কৰা হ'ব আলোচনা ।
ইয়াৰ ওপৰিও উপত্যকাটোৰ কনকপুৰৰ পৰা ৰাংগীৰখাৰী লৈ ৰাংগীৰখালৰ দুয়োপাৰে গাৰ্ডৱাল প্ৰকল্পৰ উন্মোচন কৰা হ'ব পৰৱৰ্তী সময়ত অনুষ্ঠিত হ'ব লগীয়া এই বৈঠকত ।