আজিৰে পৰা আৰম্ভ ‘কা’ আন্দোলন…

আজিৰে পৰা আৰম্ভ ‘কা’ আন্দোলন…

author-image
asomiyapratidin
New Update
আজিৰে পৰা আৰম্ভ ‘কা’ আন্দোলন…

ডিজিটেল ডেস্ক : ৰজ্যজুৰি আজিৰে পৰা আৰম্ভ হ'ব কা আন্দোলন। ২০১৯ চনৰ ডিচেম্বৰত আৰম্ভ হোৱা এই কা আন্দোলনৰ পুনৰাবৃত্তি আজিৰে পৰা হ'ব। ছাত্ৰ নেতা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত তথা নেছ'ৰ উদ্যোগত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ সন্থাই আৰম্ভ কৰিব কা আন্দোলন।

এই ক্ষেত্ৰত ড০ হীৰেণ গোঁহাইয়ে মন্তব্য কৰে যে ২০১৯ চনতে শ্বহীদ হোৱা ৫ শ্বহীদৰ বৰ্তমানেও তদন্ত নহয়। নিজৰ দেশত অবৈধ বিদেশীৰ প্ৰৱেশত বাধা দিবৰ বাবে ওলাই আহিছিল হাজাৰ হাজাৰ জনতা। তাৰে মাজৰ ৫জন শ্বহীদ হৈছিল। কিন্তু সেই শ্বহীদৰ পৰিয়ালে আজিও নাপালে ন্যায়।

ন্যায়ালয়ে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে অন্তৱৰ্তীকালীন সাহায্য হিচাপে ১৮ বছৰ বয়সৰ ওপৰত ৩ লাখ টকা আৰু ১৮ বছৰ বয়সৰ তলৰ শ্বহীদক ২ লাখ টকাকৈ সাহায্য দিয়াৰ বাবে নিৰ্দেশ দিছিল। কিন্তু কভিড মহামাৰীৰ ফলত চৰকাকে তিনি বছৰে তদন্তৰ প্ৰতিবেদন আয়োগক দাখিল কৰিব নোৱাৰাৰ লগতে অন্তৱৰ্তীকালীন সাহায্য প্ৰদান নকৰিলে। এই কথা এক সংবাদমেলত ব্যক্ত কৰে ড০ হীৰেণ গোঁহাইয়ে।

দেশজুৰি হব লগা এই আন্দোলনৰ ক্ষেত্ৰত ছাত্ৰ নেতা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ব্যক্ত কৰে যে সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এই আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। লগতে তেওঁ কয় যে অসমৰ ৰাইজে কা মনা নাই, অসম আৰু উত্তৰ–পূৰ্বাঞ্চলে অবৈধ বিদেশী বোজা নলয় বুলিও প্ৰকাশ কৰে।

আৰু পঢ়ক : বুধবাৰৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ'ব 'কা' আন্দোলন…

assam himanta biswa sarma guwahati Assam police