বুধবাৰৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ’ব ‘কা’ আন্দোলন…

বুধবাৰৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ’ব ‘কা’ আন্দোলন…

author-image
asomiyapratidin
New Update
বুধবাৰৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ’ব ‘কা’ আন্দোলন…

ডিজিটেল ডেস্ক : বুধবাৰৰ পৰা অৰ্থাৎ ১৭ আগষ্টৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ'ব কা আন্দোলন। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত পুনৰ আৰম্ভ হ'ব এই কা আন্দোলন। উত্তৰ–পূব ছাত্ৰ সন্থা আৰু সমগ্ৰ উত্তৰ–পূৰ্বতে কা বাতিলৰ দাবীৰ লগতে সীমা ছীল কৰাকে ধৰি বিভিন্ন দাবীত আন্দোলনৰ আৰম্ভ কৰিব আছুৱে।

Advertisment

অসমত পূৰ্বতে কা আন্দোলনৰ নামত ৫জন শ্বহীদ হৈছেল। কেব গৃহীত হোৱাৰ পাছত ক'ভিড ১৯ তথা আন কিছু পৰিস্থিতিৰ বাবে কা বাতিলৰ এই আন্দোলন বৰ্জন কৰা হৈছিল যদিও পুনৰ এই আন্দোলন আৰম্ভ হ'ব ১৭ আগষ্টৰ পৰা। এই ক্ষেত্ৰত ছাত্ৰ নেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মন্তব্য কৰে যে সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এই আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। লগতে তেওঁ কয় যে অসমৰ ৰাইজে কা মনা নাই, অসম আৰু উত্তৰ–পূৰ্বাঞ্চলে অবৈধ বিদেশী বোজা নলয় বুলিও প্ৰকাশ কৰে।

আনহাতে ২০২০ৰ কা আন্দোলনত শ্বহীদ হোৱা ৫ শ্বহীদৰ প্ৰসংগত তদন্ত হোৱা নাই। এক সংবাদমেলত ড০ হীৰেণ গোহাঁইয়ে এই কথা ব্যক্ত কৰে।

আৰু পঢ়ক : ধেমাজিত বিবাহ সংস্কাৰ অনুষ্ঠানঃ একেদিনাই বিবাহত বহিল ১৯৯ যোৰা দৰা-কইনা…..

assam Assam police guwahati caa protest