দেওবাৰে পঞ্চায়ত নিৰ্বাচনৰ লগতে চি টেট, অসুবিধাত পৰীক্ষাৰ্থী

দেওবাৰে পঞ্চায়ত নিৰ্বাচনৰ লগতে চি টেট, অসুবিধাত পৰীক্ষাৰ্থী

author-image
asomiyapratidin
New Update
দেওবাৰে পঞ্চায়ত নিৰ্বাচনৰ লগতে চি টেট, অসুবিধাত পৰীক্ষাৰ্থী

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, গুৱাহাটীঃ দেওবাৰে অনুষ্ঠিত হ'ব কেন্দ্ৰীয় টেট পৰীক্ষা অৰ্থাৎ চি টেট। পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সৈতে চৰকাৰে একেদিনাই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে এই পৰীক্ষাত বহুলোক অৱতীৰ্ণ হব নোৱাৰাৰ আশংকাই দেখা দিছে। কিয়নো নিৰ্বাচনৰ সৈতে একেদিনাই এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত বহুলোকে অসুবিধাৰ সন্মুখীন হ'ব।

পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে চি টেট বাতিল কৰিবলৈ প্ৰাথমিক শিক্ষক সন্মিলনীকে আদি কৰি বিভিন্ন দল সংগঠনে দাবী উত্থাপন কৰিছিল। কিন্তু পৰীক্ষা বাতিল কৰিবলৈ বহুতো দাবী উত্থাপন হৈছিল যদিও এইক্ষেত্ৰত কোনো গুৰুত্ব নিদিলে চৰকাৰে। দেওবাৰে দুয়ো বেলাই এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে বহুলোক পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰাটো নিশ্চিত হৈ পৰিছে।