বটদ্ৰৱা প্ৰকল্প পৰিৰ্দশন মন্ত্ৰী বিমল বৰাৰ…
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম স্থানত নিৰ্মীয় মান হৈ থকা "বটদ্ৰৱা প্ৰকল্প" স্থলীত শুকুৰবাৰে বিয়লি উপস্থিত হয় সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰা। মন্ত্ৰী গৰাকীয়ে বাৰিষাৰ বোকা পানীৰ মাজেৰে পৰিৰ্দশন কৰিলে প্ৰকল্পস্থলী। অসম চৰকাৰে চলিত বৰ্ষৰ ৮ জুনত অনুষ্ঠিত কৰা কেবিনেট বৈঠকত বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ বেদখল মুক্ত ভূমিত ১৮৮ কোটি টকা ধনৰ আবন্টনত নিৰ্মাণ কৰ্য চলি থকা "বৰদোৱা প্রকল্প" ৰ কাম কাজ নিৰীক্ষণৰ দ্বায়িত্ব প্ৰদান কৰে সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰাক। প্ৰতি মাহত পুংখানুপুংখ ভাৱে নিৰীক্ষণ কৰিবলৈ দায়িত্ব দিয়াৰ পিছত শুকুৰবাৰে প্ৰথমবাৰৰ বাবে মন্ত্ৰী গৰাকীয়ে গুৰুজনাৰ জন্ম স্থানৰ বটদ্ৰৱাৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰে।
পঢ়িবলৈ ক্লিক কৰক : তৃণমূল কংগ্ৰেছত যোগ দিলে মুকুল ৰয়ে
মন্ত্ৰী বিমল বৰাক সহযোগ কৰে প্ৰাক্তন বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা, নগাঁও জিলা উপায়ুক্ত কবিতা পদ্মনাভন, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি -সম্পাদক তথা বিষয়ববীয়া সকলে। পৰিৰ্দশন কৰাৰ পাছত প্ৰকল্পস্থলীত কাম কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত এক সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হয় মন্ত্ৰী গৰাকী। ১৮ মাহত সম্পূৰ্ণ হ'বলগীয়া বটদ্ৰৱা প্ৰকল্পৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে। ইফালে অসমত চিনেমা গৃহ বন্ধ হৈ পৰা সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী গৰাকীয়ে আক্ষেপ প্ৰকাশ কৰি কয় যে "এইয়া আমাৰ বাবে দুভাৰ্গ্য জনক। চলচ্চিত্ৰ জগতৰ কল্যাণৰ বাবে আমাৰ চৰকাৰে পৰবৰ্তী সময়ত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব"। লগতে শিল্পী সকলৰ বাবেও অনাগত দিনত সুখবৰ অহাৰ কথা উল্লেখ কৰে মন্ত্ৰী বিমল বৰাই ।