/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/raijor-dol-01-fd46-432f-b16b-64922a049e8a-1.jpg)
ডিজিটেল ডেস্কঃ মাজুলীৰ উপ-নিৰ্বাচনত ৰাইজৰ দলৰ কোন হ'ব প্ৰাৰ্থী? ৰাইজৰ দলৰ প্ৰতিনিধি দলে ভ্ৰমণ কৰিছিল কিছুদিনৰ আগতে মাজুলী। শেহতীয়া পৰিৱেশ-পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীত কোনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰে ৰাইজৰ দলে।
বিৰোধী ঐক্যৰ প্ৰাৰ্থীকে সমৰ্থন কৰিব ৰাইজৰ দলে। কংগ্ৰেছ, এ জে পি আৰু ৰাইজৰ দলৰ উমৈহতীয়া প্ৰাৰ্থী হ'ব চিত্ৰৰঞ্জন বসুমতাৰী। ৰাইজৰ দলৰ এক সুত্ৰই এই কথা জানিবলৈ দিয়ে অসমীয়া প্ৰতিদিনক। আনুষ্ঠানিক ভাৱে সেই সিদ্ধান্ত ঘোষণা কৰিব ৰাইজৰ দলে।