BVFCL-ৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

BVFCL-ৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ডিজিটেল সংবাদ, নামৰূপঃ নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প’ৰেশ্যন লিমিটেডে শুকুৰবাৰে উদ্যোগটোৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। দিনটোৰ আৰম্ভণিতে প্ৰতিষ্ঠাপক মোহিনী নাথ ফুকনৰ প্ৰতিমূৰ্তিত গম্ভীৰ শ্ৰদ্ধাঞ্জলি আৰু পুস্পঞ্জলি অৰ্পন কৰে। অনুষ্ঠানত প্ৰশাসনিক ভৱনৰ সন্মুখত উদ্যোগটোৰ পতাকা উত্তোলন কৰে বিভিএফচিএলৰ চিএমডি পি.কে. বানিকে।

বিভিএফচিএলৰ বিষয়া, কৰ্মচাৰী, অংশীদাৰ, আৰু স্থানীয় সম্প্ৰদায়ৰ সদস্যসকলে অংশগ্ৰহণ কৰা এই অনুষ্ঠানটোত চি এম ডি পি.কে. বানিকে নিগমৰ সফলতাত অৰিহণা যোগোৱা সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে, "বিভিএফচিএলৰ প্ৰতিষ্ঠা দিৱসউদ্যোগটোৰ যাত্ৰাৰ মাইলৰ খুঁটি।" তেওঁ কয় যে আগন্তুক বছৰবোৰত উদ্যোগটোৰ উৎকৃষ্টতাৰ প্ৰতি আমাৰ সকলোৰে সমৰ্পন থাকিব লাগিব লগতে চি এম ডি গৰাকীয়ে যাৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ ফলত বি ভি এফ চি আজিও জিলিকি আছে সেই সকলক শ্ৰদ্ধা আৰু কৃত্জ্ঞতা জনায়।

বিত্ত সঞ্চালক এছ চি দাসে সংস্থাটোৰ মূল মূল্যবোধ আৰু উৎকৃষ্টতাৰ প্ৰতি অটল দায়বদ্ধ সময়ছোৱাক গভীৰভাৱে অনুৰণন কৰে। তেওঁ কয় যে বৰ্তমান সময়ত আমি নতুন প্ৰযুক্তি আৰু উত্তম পদ্ধতিসমূহ আকোৱালি লব লাগিব। তেওঁ কৰ্মচাৰীসকলৰ অদম্য নিষ্ঠা আৰু প্ৰত্যাহ্বানৰ শলাগ লয়। অনুষ্ঠানত প্ৰশাসনিক বিভাগৰ মুখ্য প্ৰবন্ধক ডি হেমৰম, উপ মহা প্ৰবন্ধক মানব সম্পদ অৰুণ কুমাৰ, জ্যেষ্ঠ প্ৰবন্ধক প্ৰশাসনিক বিভাগৰ পংকজ গগৈ, বি ভি এফ চি এলৰ ৰাষ্ট্ৰীয় ভাষা বিষয়া পি কে সিং, বিষয়া প্ৰাঞ্জল গোহাঁইকে মুখ্য কৰি সকলো বিষয়া ব্বীয়া উপস্থিত থাকে।

দীপৰবিলৰ পক্ষী অভয়াৰণ্যৰ মৰ্যাদা আঁতৰোৱাত স্থগিতাদেশ জাৰি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in