/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/azzzz.jpg)
ডিজিটেল সংবাদ, নামৰূপ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সোমবাৰে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প'ৰেশ্যন লিমিটেডৰ (BVFCL) উদ্যোগত বৰ্ষ জোৰা আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰা হয়।
বিভিএফচিএলে আয়োজন কৰা বৰ্ষ জোৰা কাৰ্যসূচীৰ প্ৰথমটো কাৰ্য্যসূচী হিচাপে আজি পুৱা পদযাত্ৰাৰে শুভাৰম্ভ কৰে।উৎপাদন সঞ্চালক দিগম্বৰ সাহাই, বিত্ত সঞ্চালক সুভাষ দাসৰ নেতৃত্বত বিষয়া কৰ্মচাৰী সকলে অংশ গ্ৰহণ কৰা এই পদযাত্ৰা পোনে পোনে গান্ধী ময়দানলৈ আহি ভাৰত আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিয়া মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিক পুষ্পশোভিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে সকলোৱে।
এই সন্দৰ্ভত উদ্যোগটোৰ প্ৰশাসনিক বিষয়া পংকজ কুমাৰ গগৈয়ে কয়যে ,বৰ্ষ জোৰা কাৰ্যসূচীৰ সমগ্ৰ যাত্ৰাটো ব্যাপকভাৱে তিনিটা পৰ্যায়ত ভাগ কৰা হৈছে আৰু গোটেই বছৰটো পৰ্যায়ক্ৰমে কুইজ প্ৰতিযোগিতা, স্কিট, ক্ৰীড়া অনুষ্ঠান, ৰক্তদান শিবিৰ আদি বিভিন্ন কাৰ্যসূচী পৰ্যায়ক্ৰমে অনুষ্ঠিত কৰা হ'ব। অমৃত মহোৎসৱৰ পৰৱৰ্তী কাৰ্যসূচী "হৰ ঘৰ ত্ৰিৰংগা বিতৰণ আৰু ৭৬ ৰ উদযাপন ৰূপায়ন কৰা হব বুলিও প্ৰশাসনিক বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।
আৰু পঢ়ক: বেডমিণ্টত পুনৰ আহিল স্বৰ্ণ পদকঃ এইবাৰ লক্ষ্য সেনে গৌৰৱাম্বিত কৰিলে ভাৰতক…