অবৈধ সৰবৰাহকাৰীৰ নতুন কৌশল ভেদ আৰক্ষীৰঃ ধানৰ মাজৰ পৰা জব্দ ১০৫০ কেজি বাৰ্মিজ চুপাৰী...

ৰাজ্যত অব্যাহত আছে অবৈধ সামগ্ৰীৰ চোৰাং বেহা

author-image
Asomiya Pratidin
New Update
অবৈধ সৰবৰাহকাৰীৰ নতুন কৌশল ভেদ আৰক্ষীৰঃ ধানৰ মাজৰ পৰা জব্দ ১০৫০ কেজি বাৰ্মিজ চুপাৰী...

LUMDING LUMDING

ডিজিটেল সংবাদ লামডিঙঃ ৰাজ্যত অব্যহত বাৰ্মিজ চুপাৰীৰ ছিণ্ডিকেট ৷ প্ৰতিদিনে অবৈধ সৰবৰাহকাৰীয়ে অবলম্বন কৰি আহিছে ন ন কৌশল ৷ এটা দিন পূৰ্বে উদালিত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ কৰাৰ পিছত মঙ্গলবাৰে নিশা লামডিঙত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী ৷

Advertisment

নিশা লামডিঙ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিয়ষা চন্দন বৰাৰ নেতৃত্বত লামডিঙ লংকা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলিছিল অভিযান ৷ এই অভিযানত আটক কৰে ধান কঢ়িয়াই নিয়া এখন বাহন ৷ এই ধানৰ বস্তাৰ ভিতৰতে আৰক্ষীৰ তালাচীত ওলাই পৰে বাৰ্মিজ চুপাৰীখিনি।

ৰাজ্যত যিমানেই আৰক্ষী অবৈধ কাৰোবাৰৰ প্ৰতি সক্ৰিয় হৈছে সিমানেই অবৈধ সৰবৰাহকাৰীয়ে অবলম্বন কৰিছে ন ন কৌশল। এই নতুন কৌশলৰ অংশ হিচাপেই বাৰ্মিজ চুপাৰী সৰবৰাহকাৰীয়ে ধানৰ বস্তাৰ মাজত সৰু সৰু টোপোলা কৰি সৰবৰাহ কৰিবলৈ লৈছে বাৰ্মিজ চুপাৰীৰ বেহা ৷

উল্লেখ্য যে ৰাজ্যত ধাৰাবাহিকভাৱে বাৰ্মিজ চুপাৰীকে ধৰি অন্যান্য সামগ্ৰী আৰক্ষীয়ে জব্দ কৰিছে সিমানেই এই সৰবৰাহকাৰীয়ে গ্ৰহণ কৰিছে নতুন কৌশল। আৰু এই নতুন কৌশলকো প্ৰতিহত কৰিবলৈ সক্ষম হৈছে আৰক্ষী।

মঙ্গলবাৰে আৰক্ষীয়ে অভিযান চলাই অবৈধ বাৰ্মিজ চুপাৰীখিনিৰ সৈতে জব্দ কৰা বাহনখনৰ নম্বৰ AS 02 AC 521। ৪০৭ এই বাহনখনে হাইলাকান্দিৰ পৰা যমুনামুখলৈ ধানৰ মাজত অবৈধভাৱে চুপাৰীখিনি কঢ়িয়াই নিছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি মুঠ ৭০টা ধানৰ বস্তাত প্ৰায় ১০৫০ কেজি বাৰ্মিজ চুপাৰী জব্দ কৰাৰ লগতে উদালীৰ ফুলতলীৰ নিৱাসী তথা গাড়ী চালক কলিম উদ্দিনক আটক কৰিছে ৷ আৰক্ষীৰ মতে জব্দ কৰা চুপাৰীখিনিৰ বজাৰ মূল্য প্ৰায় ১২ পৰা ১৫ লাখ টকা হ'ব।

lumding hojai burmese supari Assam police