ডিজিটেল সংবাদ, মেৰাপানীঃ মেৰাপানী সীমান্তত পুনৰ বাৰ্মিজ চুপাৰী জব্দ। নিশা মেৰাপানী আৰক্ষীয়ে অভিযান চলাই আটক কৰে এজন চুপাৰী মাফিয়াসহ সৰবৰাহকাৰী গাড়ী চালকক।
মেৰাপানী আৰক্ষীৰ অভিযানত বৃহস্পতিবাৰে নিশা আটক হৈছে ৰাতুল আলী আৰু গাড়ী চালক মতিজুল আলী। নাগালেণ্ডৰ পৰা AS02 CC 6972 নম্বৰৰ এখন 909 ট্ৰাকেৰে মেৰাপানীলৈ বাৰ্মিজ চুপাৰী সৰবৰাহ কৰি থকা অৱস্থাত নেঘৰীবিল চাৰিআলিত নিশা আৰক্ষীয়ে জব্দ কৰে বাহনখন।
কেইবা লক্ষাধিক টকাৰ চুপাৰীখিনি গাড়ীৰ মাজত ট্ৰায়াৰৰে ঢাকি আনিছিল সৰবৰাহকাৰীয়ে। এই চুপাৰী সৰবৰাহৰ আঁৰত বৃহৎ চক্ৰ জড়িত থকা সন্দেহ কৰিছে স্থানীয় ৰাইজে।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি এনে অবৈধ ব্যৱসায়ৰ সৈতে জড়িত থকা ৰাতুল আলীৰ লগতে তেওঁৰ সতীৰ্থ সকলে কিছুদিনৰ পূৰ্বে এক গোচৰৰ ভিত্তিত চুপাৰী সৰবৰাহৰ সৈতে জড়িত নথকা বুলি মেৰাপানীত সংবাদমেল আয়োজন কৰি ৰাতুল আলীসহ তিনিজনকে ধোৱা তুলসীৰ পাত সজাইছিল। কিন্তু নিশা আৰক্ষীয়ে ৰাতুলক হাতে-লোটে আটক কৰাৰ পাছতেই ঘটনাৰ সত্যতা পোহৰলৈ আহে।
ইফালে আন্তঃৰাজ্যিক চুপাৰী সৰবৰাহৰ ক'ৰিডৰত পৰিণত হোৱাৰ পাছতেই মেৰাপানী সীমান্তত আৰক্ষী তথা সীমাত নিয়োজিত চি আৰ পি এফ বাহিনীয়ে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ'ব।