/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/vs.jpg)
ডিজিটেল সংবাদ, শিলচৰ– কাছাৰ জিলাক নিৰাপদ কৰিড'ৰ হিচাপে ব্যৱহাৰ কৰি আজিও অব্যাহত আছে অবৈধ বাৰ্মিজ চুপাৰিৰ সৰবৰাহ ৷ আৰক্ষীৰ চকুত ধূলি দি ন- ন কৌশলেৰে মিজোৰামৰ পৰা বহিঃৰাজ্যলৈ চুপাৰি সৰবৰাহ কৰি আহিছে একাংশ ব্যৱসায়ীয়ে ৷
সম্পূৰ্ণ ভৰ্তি নকৰি একোখন ট্ৰাকত কম কমকৈ চুপাৰি বোজাই কৰি দেশৰ অন্য ৰাজ্যলৈ বাৰ্মিজ চুপাৰি সৰবৰাহ কৰি আহিছে চক্ৰটোৱে ৷ এইদৰে সৰবৰাহ কৰাৰ সময়তে বুধবাৰে ধলাই আৰক্ষীয়ে জব্দ কৰে ১৭ বস্তা বাৰ্মিজ চুপাৰি ৷
গোপন তথ্যৰ ভিত্তিত ধলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ পাঠকৰ নেতৃত্বত আৰক্ষীৰ দল এটাই AS 01 MC 1565 নম্বৰৰ ট্ৰাক খনত অভিযান চলাই জব্দ কৰে এই ১৭ বস্তা বাৰ্মিজ চুপাৰি৷ ইফালে, আৰক্ষীক দেখা মাত্ৰে পলায়ন কৰে ট্ৰাকৰ চালক আৰু হেণ্ডিমেন৷ চুপাৰিখিনি মিজোৰামৰ পৰা অনা হৈছিল ৷ বৰ্তমান জব্দকৃত চুপাৰি খিনি ধলাই থানাত ৰাখি তদন্ত অব্যাহত ৰখা হৈছে ৷
আৰু পঢ়ক: লংকাত ভয়ংকৰ পথ দুৰ্ঘটনা…