ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ অবৈধ বেহা ! ৭৮ বেগ চুপাৰীসহ আৰক্ষীৰ জালত পৰিল ৪ জন....

লংকাৰ উদালী আৰক্ষীৰ সফলতা...

author-image
Asomiya Pratidin
New Update
ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ অবৈধ বেহা ! ৭৮ বেগ চুপাৰীসহ আৰক্ষীৰ জালত পৰিল ৪ জন....

udali police

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে অবৈধ সামগ্ৰী সৰবৰাহৰ কাৰোবাৰ। যোৱা সময়ছোৱাত ৰাজ্যৰ কেইবাটাও স্থানত আৰক্ষীয়ে এনে বহু অবৈধ সামগ্ৰী জব্দ কৰাৰ লগতে বহু কেইজন লোকক আটক কৰিছে। আৰক্ষীৰ এনে কঠোৰ স্থিতিও যেন অবৈধ সৰবৰাহকাৰীক নাকি লগাব পৰা নাই। কিয়নো পুনৰ আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰীসহ সৰবৰাহকাৰী।

Advertisment

সোমবাৰে লংকাত উদালী আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী। মুঠ ৭৮ টা বেগত উদ্ধাৰ হোৱা বাৰ্মিজ চুপাৰীখিনি ধানৰ মাজত ভৰাই আনিছিল। আৰক্ষীৰ অভিযানত এ এছ ০২ চি চি ৯০২৯ নম্বৰৰ এখন মিনি ট্ৰাক জব্দ কৰে। এই ট্ৰাকখনতেই ধানৰ বেগৰ মাজত ভৰাই আনিছিল অবৈধ চুপাৰীখিনি।

ইফালে এই চুপাৰীখিনি জব্দ কৰাৰ পিছতে আৰক্ষীয়ে চালকসহ মুঠ ৪ জন লোকক আটক কৰিছে। উল্লেখ্য যে বিগত দিন কেইটাত বৰাক উপত্যকাত ধাৰাবাহিকভাৱে আৰক্ষীয়ে জব্দ কৰি আছে বাৰ্মিজ চুপাৰী। একেদৰে ৰে'লৰ জৰিয়তেও অবৈধ সৰবৰাহকাৰীয়ে সৰবৰাহ কৰি আছে এনে অবৈধ চুপাৰী। লামডিং ৰে'ল ষ্টেচন, পল্টনবজাৰ ,ৰে'ল ষ্টেচনত জব্দ হৈছে এনে বহু অবৈধ বাৰ্মিজ চুপাৰী, চিগাৰেট আদি।

assam hojai udali police Assam police