নগাওঁৰ হোণ্ডা ডিলাৰত চুৰিকাণ্ড, ১২ লাখ নগদ ধন আৰু মূল্যবান বয়-বস্তু লুট

নগাওঁৰ হোণ্ডা ডিলাৰত চুৰিকাণ্ড, ১২ লাখ নগদ ধন আৰু মূল্যবান বয়-বস্তু লুট

ডিজিটেল সংবাদ,নগাঁও : নগাঁও চহৰৰ মাজমজিয়াৰ খীষ্টিয়ানপট্টিৰ জাগৃতি হোণ্ডাত নিশা সংঘটিত হয় এক চুৰি কাণ্ড। নিশা ডিলাৰটোত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি অচিনাক্ত দুৰ্বৃত্তই তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি লুটপাত চলায়।

দুৰ্বৃত্তৰ দলটোৱে ডিলাৰৰ কেছ বক্স ভাঙি জমা থকা ১২ লাখ ৬৬ হাজাৰ নগদ ধনৰ লগতে ডিলাৰৰ মূল্যবান সা-সামগ্ৰী লৈ উধাও হয়। সোমবাৰে পুৱা কৰ্মচাৰীসকলে ডিলাৰ খুলিবলৈ অহাৰ পাছতেই ঘটনাটো পোহৰলৈ আহে।

ইতিমধ্যে নগাঁও আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । নগাঁও চহৰত নিশা আৰক্ষীৰ টহল থকাৰ পাছতো কেনেকৈ এই চুৰিকাণ্ড সংঘটিত হ'ল তাক লৈ এতিয়া বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in