আৰক্ষী, শিক্ষকৰ ঘৰত নিশা চোৰে চলাল চাফাই অভিযানঃ আৰক্ষীৰ ভূমিকাত অসন্তুষ্ট সৰ্বসাধাৰণ...

ধাৰাবাহিকভাৱে চোৰে চলাই আহিছে চাফাই অভিযান...

author-image
Asomiya Pratidin
New Update
আৰক্ষী, শিক্ষকৰ ঘৰত নিশা চোৰে চলাল চাফাই অভিযানঃ আৰক্ষীৰ ভূমিকাত অসন্তুষ্ট সৰ্বসাধাৰণ...

LUMDING LUMDING

ডিজিটেল সংবাদ লামডিংঃ লামডিং আৰক্ষীয়ে কিদৰে সুৰক্ষা দিব সাধাৰণ জনতাক ? আৰক্ষীৰ ঘৰতেই চোৰে চলালে চাফাই অভিযান। লামডিঙৰ এগৰাকী কনিষ্টবলৰ ঘৰত চোৰে চাফাই অভিযান চলোৱাৰ পিছত এতিয়া প্ৰশ্ন উঠিছে, নিজ ঘৰখনকে সুৰক্ষা দিব নোৱাৰা আৰক্ষীয়ে কি দৰে সুৰক্ষা প্ৰদান কৰিব সাধাৰণ লোকক?

Advertisment

উল্লেখ্যে যে, লামডিঙৰ জৰংদিচাৰ ৮ নং ৱাৰ্ডৰ দুটাকৈ বাসগৃহত নিশা চোৰে চলালে লুটপাত। ৱাৰ্ডটোৰ ৰতন পাল আৰু বিকাশ পালৰ ঘৰত চোৰে চলাই এই লুটপাত। ইয়াৰে ৰতন পাাল অসম আৰক্ষীত এগৰাকী কনিষ্টবল হিচাপে কৰ্মৰত। আনহাতে বিকাশ পাল এগৰাকী শিক্ষক।

দুয়োজন ব্যক্তিৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তিৰ লগতে বহু আ-অলংকাৰ লৈ উধাও হয়। ঘটনা সন্দৰ্ভত লামডিং আৰক্ষীক খবৰ দিয়াৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে বিগত কিছুদিন ধৰি লামডিঙৰ বিভিন্ন অঞ্চলত চোৰে লুটপাত চলাই আহিছে যদিও আৰক্ষীয়ে চোৰক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই। এক কথাত লামডিঙত চোৰৰ উপদ্ৰৱ ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। যাৰ বাবে সাধাৰণ ৰাইজে এতিয়া নিৰাপত্তাহীনতাত ভূগিবলৈ আৰম্ভ কৰিছে।

lumding LUMDING POLICE