২০২২-২৩ বৰ্ষৰ শেষলৈ বাজেট ঘাটি হ’ব ৬০০ কোটিৰো অধিক…

২০২২-২৩ বৰ্ষৰ শেষলৈ বাজেট ঘাটি হ’ব ৬০০ কোটিৰো অধিক…

ডিজিটেল ডেস্কঃ ২০২২-২৩ বৰ্ষৰ শেষলৈ বাজেট ঘাটিৰ পৰিমাণ হ'ব ৬০০.৩৬ কোটি টকা। অসম বিধানসভাত বাজেট পাঠ কৰি বিত্তমন্ত্ৰণালয়ে বাজেট প্ৰাককলনত এই বিষয়ে উল্লেখ কৰিছে। ২০২২-২৩ বৰ্ষৰ বাজেট প্রাককলনত ৰাজ্যখনৰ একত্ৰীকৃত নিধিত মুঠ ১১৯০২৭.৯৫ কোটি টকাৰ প্ৰাপ্তি প্ৰদৰ্শন কৰা হৈছে। ইয়াৰে ৯৬৩৭৪.৫৯ কোটি টকা ৰাজহ শিতানত আৰু বাকী থকা ২৩৬৭৩.৭১ কোটি টকা মূলধন শিতানত।

আনহাতে ৰাজহুৱা শিতানত ১৬২৮৮৬.৮৩ কোটি টকা আৰু উপনিমিত্ত (Contingency) পুঁজিৰ অধীনত ২০০০ কোটি টকা যোগ হোৱাৰ পিছত সৰ্বমুঠ আদায়ৰ পৰিমাণ হ'বগৈ ২৮৩৯১৪.৭৮ কোটি টকা। ইয়াৰ বিপৰীতে ২০২২-২৩ বৰ্ষত ৰাজ্যখনৰ একত্ৰীকৃত নিধিৰ পৰা সৰ্বমুঠ ব্যয়ৰ পৰিমাণ ১১৯৫৫১.০৬ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে।

ইয়াৰে ৰাজহ শিতানত ৯৬৩৬৭.০৫ কোটি টকা আৰু মূলধন শিতানত ২৩১৮৪.০১ কোটি টকা। ৰাজহুৱা শিতানত হোৱা ব্যয় ১৬৩৭৪৩.৫৮ কোটি টকা আৰু উপনিমিত্ত (Contingency) পুঁজিৰ অধীনত ২০০ কোটি টকাৰে বছৰটোৰ সৰ্বমুঠ প্রাককলিত ব্যয়ৰ পৰিমাণ হ'ব ২৮৩৪৯৪.৬৪ কোটি টকা। এইদৰে বছৰটোত হোৱা প্ৰাককলিত লেনদেনৰ বাবদ আনুমানিক ৪২০.১৪ কোটি টকা ৰাহি হ'ব। ইয়াৰ লগত বছৰটোৰ আৰম্ভণি ঘাটি ১০২০.৫০ কোটি টকাৰ হিচাপ মিলালে ২০২২-২৩ বৰ্ষৰ শেষলৈ বাজেট ঘাটিৰ পৰিমাণ ৬০০,৩৬ কোটি টকা হ'বগৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in