
ডিজিটেল ডেস্কঃ কেতিয়া সম্পূৰ্ণ হ'ব ১ লাখ নিযুক্তি? বাজেটত উল্লেখ কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে। এই পৰ্যন্ত প্ৰায় ৪২ হাজাৰ যুৱক, যুৱতীক ৰাজ্য চৰকাৰে প্ৰদান কৰিছে বিভিন্ন বিভাগত নিযুক্তি।
চৰকাৰৰ ২ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে ২০২৩ ৰ ১০ মে'ৰ পৰা ২০ মে'ৰ ভিতৰত আন ৪০ হাজাৰ প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হ'ব। বৰ্তমান ১৮ হাজাৰ পদ নিযুক্তিৰ বিভিন্ন পৰ্যায়ত আছে।
আনহাতে মানৱ সম্পদৰ সঠিক ব্যৱহাৰ সুনিশ্চিত কৰিবলৈচৰকাৰী ব্যৱস্থাত পাৰদৰ্শিতা অনাৰ বাবে এটা বিভাগৰ পৰা আন এটা বিভাগলৈ চৰকাৰী কৰ্মচাৰী সালসলনি কৰিবলৈ চৰকাৰে চলিত বৰ্ষতে এখন বিধেয়ক উত্থাপন কৰিব বুলিও উল্লেখ কৰে।