ৰঙিয়াত বুদ্ধ পূৰ্ণিমা উপলক্ষে আলোচনা চক্ৰ

ৰঙিয়াত বুদ্ধ পূৰ্ণিমা উপলক্ষে আলোচনা চক্ৰ

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত বুদ্ধ পূৰ্ণিমা উপলক্ষে আলোচনা চক্ৰ

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াত বুদ্ধ পূৰ্ণিমা উপলক্ষে বৃহস্পতিবাৰে পুৱা ৯ বজাত পতাকা উত্তোলন কৰে সংৰক্ষণ আৰু সংস্কৃতি উন্নয়ন সভাৰ সম্পাদক পবিন কলিতাই।বৌদ্ধ সংঘৰ সদস্য পাৰমিতা সিনহাৰ পৰিচালনাত মাংগলিক কাৰ্য সম্পাদন আৰু পুৱা ১০:৩০ বজাত ধ্যান কাৰ্যসূচী অনুষ্ঠিত হয়।

Advertisment

ৰঙিয়া গ্ৰাম স্বৰাজ পৰিষদৰ কৰ্মী বৃন্দৰ ভজন পৰিবেশনৰ পিছতেই পুৱা ১১ বজাত বৰলীয়া নৈৰ ৩নং ৱাৰ্ডত বুদ্ধ ঘাট উন্মোচন কৰা হয়। উন্মোচন কৰে পৌৰপতি অমৰেন্দ্ৰ লহকৰে । উল্লেখ্য যে পুৱা ১১:৩০ বজাত গ্ৰাম স্বৰাজ পৰিষদৰ ভৱনত একবিংশতিতম শতিকাত বৌদ্ধ সংস্কৃতিৰ প্ৰাসংগিকতা সম্পৰ্কে এক আলোচনাচক্ৰ অনুষ্ঠিত হয় ।

আলোচনাচক্ৰত আলোচক হিচাপে উপস্থিত থাকি কাউৰবাহা ফখৰুদ্দিন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ছাহজাহান ছিদ্দিকি আৰু ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সম্পাদক হৃষীকেশ কলিতাই বৌদ্ধ ধৰ্মৰ সংস্কৃতিৰ বিষয়ে গভীৰ আলোকপাত কৰে ।

buddha purnima