বাক্সাত হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ

বাক্সাত হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ

author-image
asomiyapratidin
New Update
বাক্সাত হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ

ডিজিটেল সংবাদ বাক্সা: বিটিআৰ এলেকাত টেট উত্তীৰ্ণ ৮৫১ গৰাকী প্ৰাৰ্থীক বিটিচিৰ শিক্ষা বিভাগে নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে ৷ সেই অনুসৰি শুক্ৰবাৰে বাক্সা জিলাৰ বৰমাত জিলাখনৰ ৪২০ গৰাকী হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হয় ৷ নিযুক্তি পত্ৰ বিতৰণ কৰি বিটিচিৰ শিক্ষা সঞ্চালক অমৰজ্যোতি বৰ্মনে জানিবলৈ দিয়ে যে বিটিআৰত মুঠ ৮৫১ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক বিটিচি প্ৰশাসনে মেধাৰ ভিত্তিত নিযুক্তি পত্ৰ প্ৰদান কৰাৰ ব্যৱস্থা হাতত লয় ৷ তেওঁ বিটিচিৰ শিক্ষা বিভাগে অতি নিখুঁট ভাৱে টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলক নিযুক্তি পত্ৰ বিতৰণ কৰা বুলিও উল্লেখ কৰে ৷

 উল্লেখ্য যে বৃহস্পতিবাৰে কোকৰাঝাৰ আৰু চিৰাং জিলাত ২৪০ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰাৰ পিছত শুক্ৰবাৰে বাক্সা জিলাত মুঠ ৪২০ গৰাকীক হাইস্কুল টেট উত্তীৰ্ণক নিযুক্তি পত্ৰ বিতৰণ কৰা হয় ৷ বৰমা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা নিযুক্তি পত্ৰ বিতৰণী অনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ কাৰ্যবাহী সদস্যত্ৰয় ক্ৰমে ঘনশ্যাম দাস, ৰাকেশ ব্ৰহ্ম আৰু গৌতম দাস, বাক্সা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ভবেন দেউৰী, বৰমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° টিকেন চন্দ্ৰ দাসৰ লগতে কেবা গৰাকীও বিশিষ্ট ব্যক্তি ।