অকল জাতিগত সংৰক্ষণেই নহয়, অনাথ শিশুৰ বাবেও থাকিব লাগে ৩০ শতাংশ সংৰক্ষণ...

অকল জাতিগত সংক্ষণেই নহয়,

author-image
Asomiya Pratidin
New Update
অকল জাতিগত সংৰক্ষণেই  নহয়, অনাথ শিশুৰ বাবেও থাকিব লাগে ৩০ শতাংশ সংৰক্ষণ...

ডিজিটেল সংবাদ, ওৰাংঃ অকল জাতিগত সংক্ষণেই নহয়, পিতৃ মাতৃহীন অনাথ শিশুৰ বাবেও থাকিব ৩০ শতাংশ সংৰক্ষণ!- এই মন্তব্য BTR ৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ। ওদালগুৰি জিলাৰ মাজবাট বিধান সভা সমষ্টিৰ বৰঝাৰৰ শ্রী শ্রী পাগলাবাবা মন্দিৰত উপস্থিত হৈ এই মন্তব্য নেতাগৰাকীৰ। সৌজন্যমূলক পৰিদৰ্শনৰ উদ্দ্যেশ্যে উপস্থিত হোৱা নেতাগৰাকীয়ে প্ৰথমেই ৰাধা গোৱিন্দৰ মন্দিৰত মুৰ দোৱাই আশীষ লয়৷ তাৰ পাছতেই Em গৰাকীয়ে অংশ লয় মন্দিৰ প্ৰাঙ্গণৰ এখন সাধাৰণ সভাত।

Advertisment

মন্দিৰ পৰিচালনা সমিতি আৰু সমাবেত সাধাৰণ ৰাইজৰ সৈতে বাৰ্তালাপৰ অন্তত সনাতনী হিন্দুৰ ধ্বজাবাহক ৰূপে সুনাম থকা শ্রী শ্রী পাগলাবাবা মন্দিৰলৈ নেতাগৰাকীয়ে আগবঢ়ায় ৫০ হাজাৰ টকাৰ আর্থিক অনুদান৷ তাৰ পাছতেই মন্দিৰ পৰিচালনা সমিতিৰ তত্বাৱধানত থকা অনাথ আশ্রমাতো উপস্থিত হয় নেতাগৰাকী। উপস্থিত হৈয়েই পিতৃ মাতৃহীন ২৮ জন অনাথ শিশুৰ সৈতে মত বিনিময় কৰে EM গৰাকীয়ে।

অহা গৰম বন্ধত এই ২৮ গৰাকী অনাথ শিশুক বৃন্দাবন দৰ্শনৰো আশ্বাস প্রদান কৰে নেতাগকীয়ে। অনাগত দিনত এছিয়াৰ সর্ববৃহৎ মন্দিৰ নৱদ্বীপ মায়াপুৰত ধর্মীয় শিক্ষা গ্ৰহণৰ উদ্দ্যেশ্যে শিশুসকলক প্ৰেৰণ কৰাৰো সিদ্ধান্ত লয় EM গৰাকীয়ে। ইয়াৰ পাছতেই নেতাগৰাকীয়ে কয় যে, অকল জাতিগত সংৰক্ষণ নহয়, পিতৃ মাতৃহীন অনাথ শিশুৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ৩০ শতাংশ আসন সংৰক্ষণৰো ব্যৱস্থা কৰিব লাগে চৰকাৰে৷ তাৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ সৈতে আলোচনাত মিলিত হ'ব বুলি জনায় EM গৰাকীয়ে।

তাৰ পাছত শ্রী শ্রী পাগলবাবা মন্দিৰৰ গো শালাত উপস্থিত হয় Em অৰূপ কুমাৰ দে'। উপস্থিত হৈয়েই গোশালাত গো সেৱা কৰাও দেখা গ'ল Em গৰাকীক। সদৌ শেষত মন্দিৰ পৰিচালনা সমিতিলৈ অনাগত দিনত এখন বৃহত ধর্মীয় সভা আয়োজন কৰিবলৈও আহ্বান জনায় নেতাগৰাকীয়ে। তাৰ বাবে যাৱতীয় সকলো ধৰণৰ সহায় সহযোগিতাৰো আশ্বাস প্রদান BTR ৰ EM অৰূপ কুমাৰ দে'ৰ।

বি টি আৰ