/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/41489b93-22e8-4d93-9ce0-5a7f58bfbe7d/silchar.jpg)
ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বিএছএফে কৰিমগঞ্জ জিলাৰ লামাজুৱাৰৰ পৰা জব্দ কৰিছে বুজন পৰিমাণৰ হিৰোইন ৷ গোপন তথ্যৰ ভিত্তিত লামাজুৱাৰৰ এটি পেট্ৰল পাম্পৰ ওচৰত এখন মটৰ চাইকেলত তালাচী চলাই বিএছএফ আৰু আৰক্ষীয়ে জব্দ কৰে ১২ টা হিৰোইন ভৰ্তি চাবোনৰ বাকচ ৷
বাকচ কেইটাৰ পৰা ১৫৭ গ্ৰাম হিৰোইন জব্দ কৰা হয় ৷ জব্দ কৰা হিৰোইন খিনিৰ মূল্য ১ কোটি ৯ লাখ ৯০ হাজাৰ টকা হব বুলি সদৰী কৰিছে বিএছএফে ৷ অবৈধ হিৰোইন সৰবৰাহৰ অভিযোগত বিএছএফে দুজন সৰবৰাহকাৰীক আটক কৰে ৷ ধৃত লোক দুজন নিলাম বাজাৰৰ নাজিম উদ্দিন আৰু পাথাৰকান্দিৰ ৰছিদ আহমেদ ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us