/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/bsf.jpg)
ডিজিটেল সংবাদ, মানকাচৰ: মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ ছাটকৰাইবাৰীত BSF ৰ গুলিত নিহত চোৰাং গৰু সৰবৰাহকাৰী ।চোৰাং গৰু সৰবৰাহকাৰী গৰাকী মানকাচৰৰ পুৰাণ দিয়াৰা গাঁৱৰ ফাৰুক আলম বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে বুধবাৰে পুৱতি নিশা ছাটকৰাইবাৰী গাৱৰ ভাৰত বাংলাদেশ সীমান্ত দি বাঁহৰ সঁজুলি দি বাংলাদেশলৈ গৰুৰ চোৰাং চালান দিবলৈ লোৱা অৱস্থাত গুলিয়াইছিল সীমান্ত পহৰাৰত নিয়োজিত BSFয়ে।
মুমূৰ্ষ অৱস্থাত ঘটনাস্থলীৰ পৰা চোৰাং গৰু সৰবৰাহকাৰী গৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিছিল। গুৱাহাটী লৈ লৈ যোৱাৰ সময়ত আধা বাটতে মৃত্যু হয় চোৰাং গৰু সৰবৰাহকাৰী । চোৰাং গৰু সৰবৰাহকাৰী গৰাকীৰ মৃতদেহটো ইতিমধ্যে মানকাচৰ আৰক্ষী থানালৈ অনা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষী সীমান্ত সুৰক্ষা বাহিনীৰ তদন্ত অব্যাহত ৰাখিছে।
আৰু পঢ়ক: বন বিভাগে জব্দ কৰা কাঠ বিক্ৰী কৰি আৰক্ষীৰ জালত হোজাই বন সুৰক্ষা বিষয়া…