আৰক্ষীৰ নামত কেইবা হাজাৰ টকা দাবী, আটক আজিজুৰ ৰহমান

মঙলবাৰে দৰঙৰ পাথৰিঘাট আৰক্ষী চকীৰ সৰাবাৰী বৰমপুৰৰ পৰা আটক এক দালাল ৷

author-image
Asomiya Pratidin
New Update
আৰক্ষীৰ নামত কেইবা হাজাৰ টকা দাবী, আটক আজিজুৰ ৰহমান

one arrested

ডিজিটেল সংবাদ, মঙলদৈ: মঙলবাৰে দৰঙৰ পাথৰিঘাট আৰক্ষী চকীৰ সৰাবাৰী বৰমপুৰৰ পৰা আটক এক দালাল ৷ আটকাধীন দালাল আজিজুৰ ৰহমান পাথৰিঘাট আৰক্ষী চকীৰ অন্তৰ্গত ঘিলাকুৰি গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৷

Advertisment

সৰাবাৰী বৰমপুৰ গাঁওৰ প্ৰফুল্ল চহৰীয়াৰ ঘৰত গৈ নিজকে চিনাকী দিছিল আৰক্ষীৰ লোক বুলি ৷

পাথৰিঘাট আৰক্ষী চকীৰ এটি গোচৰৰ নামত প্ৰফুল্ল চহৰীয়াৰ পৰা দালাল জনে বিছাৰিছিল ৩০ হাজাৰ টকা ৷

প্ৰফুল্ল চহৰীয়াৰ ঘৰৰ পৰিয়ালৰ সন্দেহ ওপজাত ৰাইজৰ সহযোগত আৱদ্ধ কৰে দালালৰূপী আজিজুৰক ৷

পাথৰিঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আটক কৰে আজিজুৰ ৰহমানক ৷ বৰ্তমান লোক জনক সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে।

assam mangaldai Assam police