/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/52e4342b-d233-45ff-babf-baf5fffc4fdb/4b01f555_2254_45d6_bce6_59e5370692a6.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: এখন কাঠৰ দলং। দৰাচলতে দলং বুলি কোৱাতকৈ চৰকাৰী মৰণ ফাণ্ড বোলাহে যুগুত হব । ঢকুৱাখনা আৰু নদীদ্বীপ মাজুলীক স্থলপথেৰে সংযোগ কৰা এটা গুৰুত্বপূৰ্ণ সদা ব্যস্ত পথৰ ওপৰত থকা এই মৰণ ফাণ্ড ৰূপী কাঠৰ দলংখনৰ ভগ্ন অৱস্থাই বিগত ৬ মাহ ধৰি অবৰ্ণনীয় যন্ত্ৰণা ভোগাই আহিছে নাগৰিকক। দলংখন আছে সোনাৰী চাপৰি-কেঁকুৰী পমুৱা হৈ উজনি মাজুলী সংযোগী খেৰকটা সুঁতিৰ ওপৰত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/62c69b46-833c-4542-94f3-c2731e383a67/0433ce79-097b-47ad-85c8-da1f3113ed5b.jpg)
লোকনিৰ্মান পথ বিভাগৰ এইখনেই অন্তিমখন কাঠৰ দলং আছিল যিখন যোৱা ৬ মাহত জৰাজীৰ্ণ ৰূপ লৈ ভাগি পৰিল । যাৰ পৰিপ্ৰেক্ষিতত লখিমপুৰ, ঢকুৱাখনাৰ পৰা উজনি মাজুলী হৈ মাজুলীলৈ যাতায়ত কৰা ৰাইজৰ চমু মিত্যব্যয়ী পথ যোগাযোগ ব্যৱস্থা চিৰদিনলৈ বন্ধ হৈ পৰিছে। সোনাৰী চাপৰি, কেঁকুৰী পমুৱা , কঠালগুৰি , একেন দীঘলী, ,খজুৱা পাতিৰ, দদাবাৰী , উজনি ডডাৱৰী , চণ্ডী গাঁও খজুৱা মিলি আদি বৃহৎ এলেকাবাসীৰ মেৰুদণ্ড স্বৰূপ এই দলংখনৰ এনে বিপদশঙ্কুল অৱস্থা সন্দৰ্ভত বহুবাৰ ঢকুৱাখনাৰ বিধায়ক নৱ দলে ,সাংসদ প্ৰদান বৰুৱাক স্থানীয় ৰাইজে অৱগত কৰিছিল। পাইছিল আশ্বাস ।পিছে নাপালে এখন স্থায়ী দলং। পৰিণতিত মৰণত শৰণ দি যাতায়ত কৰিব লগা হৈছে ৰাইজে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/9ab60bdd-906c-4cbb-89c8-bede00a8d785/4b01f555-2254-45d6-bce6-59e5370692a6.jpg)
আধুনিক ঢকুৱাখনাৰ দম্ভালি মৰা মিছলিয়া বিধায়ক নৱ দলেৰ অকমন্যতাৰ কুফল ভোগী অহা ভুক্তভোগী ৰাইজে জৰাজীৰ্ণ দলংখনৰ পৰিবৰ্তে এক বিকল্প যাতায়ত ব্যৱস্থা উপলব্ধ কৰাৰ বাবে শেহতীয়া ভাবে কাষ চাপিছে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ । পৰিষদৰ সাধাৰণ সদস্য বিউটি পেগুৰ নেতৃত্বত পৰিষদলৈ গৈ এটা ভুক্তভোগী প্ৰতিনিধি দলে মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়াক সাক্ষাৎ কৰি তৎকালে এই জটিল সমস্যাৰ স্থায়ী সমাধান কৰাৰ আহ্বান জনায় । শিক্ষা ,স্বাস্থ্য ,বেহা বেপাৰ , সকলো ক্ষেত্ৰতে জটিল প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি অহা প্ৰায় ১২৫ মিটাৰ দীঘল জৰাজীৰ্ণ দলংখনৰ এক বিকল্প ব্যৱস্থা গ্ৰহণ কৰি ৰাইজক উপকৃত কৰাৰ ৰাজহুৱা আহ্বান জনায় প্ৰতিনিধি দলটোৱে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/71a37ea8-1590-4d84-8b96-71ba3d4f1a1e/2d425259-3fcd-41bf-9584-704100bdceba.jpg)
উল্লেখ্য যে জৰাজীৰ্ণ কাঠৰ দলংখনৰ গৰিষ্ঠ সংখ্যক খুঁটা , ডেকিং , আদি ভাগি ,পঁচি উৱঁলি গৈ দলংখন বেঁকা হৈ যিকোনো মূহুৰ্তত ভাগি ভয়ংকৰ বিপদ সংঘটিত হোৱাৰ ইংগিত বহন কৰি আহিছে । নাগৰিকৰ জীৱনক লৈ তিলমানু গুৰুত্ব নিদি ভয়াবহ বিপদলৈ ঠেলি দি প্ৰতাৰণাৰে ৰং চোৱা অকমন্য বিধায়ক নৱ দলে ,প্ৰদান বৰুৱাৰ দায়িত্বহীন আচৰণত ক্ষুব্ধ ভুক্তভোগী । ৰাইজৰ শেষ আশা মিচিং স্বায়ত্ব শাসিত পৰিষদে তাৎক্ষণিক ভাৱে ৰাইজৰ নিৰাপত্তা আৰু সুচল যাতায়ত ব্যৱস্থা উপলব্ধ কৰি দীৰ্ঘদিনিয়া অভাৱ সমস্যাৰ স্থায়ী নিৰসন ঘটাব । পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য চায়েঙিয়াই এই দীৰ্ঘদিনীয়া ৰাজহুৱা সমস্যা গুৰুত্ব সহকাৰে গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ।