এখন দলং বিচাৰি ১৫ বছৰে হাঁহাকাৰ কৰি বিমুখ হোৱা গঞাই নিৰ্মাণ কৰিলে ১০০মিটাৰ দৈৰ্ঘৰ দলং

এখন দলং বিচাৰি ১৫ বছৰে হাঁহাকাৰ কৰি বিমুখ হোৱা গঞাই নিৰ্মাণ কৰিলে ১০০মিটাৰ দৈৰ্ঘৰ দলং

ডিজিটেল সংবাদ, ঢকুৱাখনা: সভাই সমিতিয়ে ,মেলে মিটিঙে চল পালেই চৰকাৰৰ উন্নয়ন আৰু বিকাশৰ দম্ভালি মৰা গেৰুৱা দলৰ মন্ত্ৰী, বিধায়ক, সাংসদ আৰু দলীয় নেতা পালিনেতাৰ অন্তসাৰশূণ্য স্বৰূপ নিৰ্লজ ভাৱে উন্মোচিত হৈছে ঢকুৱাখনা বিধানসভা সমষ্টিত। প্ৰধানত গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ নামত হিতাধিকাৰী নিৰ্ভৰ কুটিল ৰাজনীতি কৰি অহা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ ফোঁপোলা স্বৰূপ উদঙাই দেখুৱাইছে ঢকুৱাখনা মহকুমাৰ ঘিলামৰা উন্নয়ন খণ্ডৰ অধীনৰ এটা পথ আৰু এখন দলঙে ।

খণ্ডটোৰ মৰনৈ, সোৱণশিৰি পঞ্চায়তবাসীৰ দেউলিয়া পঞ্চায়ত হৈ ঘিলামৰা সদৰ সংযোগী চমু পথ হিচাবে ব্যৱহৃত বৰজুল বহৰাণী গাঁও গ্ৰাম্য পথটোৰ লগতে বলাহী চামপৰা নৈৰ ওপৰত এখন পকী দলংৰ দীৰ্ঘ দিনীয়া অভাৱে শ্ৰমজীৱী ৰাইজক জীয়া যন্ত্ৰণা ভোগাই আহিছে । শিক্ষা গ্ৰহণ, খেতি কৰ্ম, বেপাৰ বনিজ, স্বাস্থ্য চিকিৎসা সকলো ক্ষেত্ৰত ডেৰ দশক ধৰি নেতিবাচক  আৰু ভয়ংকৰ প্ৰভাৱ পেলাই অহা এই পথ আৰু দলংৰ অভাৱে জুৰুলা কৰি আহিছে গঞা ৰাইজক ।

কৌটিকলিয়া এই ভয়াবহ সমস্যাৰ নিগাজী পৰিত্ৰাণ বিচাৰি ভুক্তভোগী গঞাই খণ্ড উন্নয়ন বিষয়াৰ পৰা  মহকুমাধিপতি পৰ্যন্ত, বিধান সভা সমষ্টিটোৰ বিধায়ক ,মন্ত্ৰী নৱ দলেৰ পৰা সাংসদ প্ৰদান বৰুৱা পৰ্যন্ত, পঞ্চায়ত সভাপতিৰ পৰা জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু গোঁহাই বৰুৱা পৰ্যন্ত সকলো দায়িত্বশীল পক্ষক  বাৰম্বাৰ আবেদন নিবেদন জনাই আহিছে ।

কিন্তু এনেবোৰ সোপাধিলা, অকমন্য, নিষ্কর্মা পক্ষৰ পৰা বছৰ বছৰ ধৰি কোনো সুদুত্তৰ লাভ কৰা নাই খাটি খোৱা গঞাই । এনেবোৰ দায়িত্বশীল পক্ষৰ দায়িত্বহীন স্থিতিক প্ৰত্যাহ্বান জনাই অৱশেষত বৰজুল গহৰানি গাঁওৰ ভুক্তভোগী ৰাইজে গাঁঠিৰ ধন ভাঙি সমজুৱাকৈ নিৰ্মাণ কৰি উলিয়ালে এখন দলং । প্ৰায় ১০০ মিটাৰ দৈৰ্ঘৰ বলাহী চামপৰা নদীৰ ওপৰত ৰাইজে শ্ৰম দান কৰি মঙ্গলবাৰে নিৰ্মাণ কৰি উলিয়ালে এখন বাঁহৰ অস্থায়ী দলং। সোমবাৰে  পুৱাৰ পৰাই অঞ্চলটোৰ পুৰুষ-মহিলা,যুৱক-যুৱতী একত্ৰিত হৈ হাতে হাতে নিৰ্মাণ সঁজুলি লৈ বাৰীৰ বাঁহ কাটি  মঙ্গলবাৰে সম্পূৰ্ণ কৈ সাজি উলিয়ালে নৈৰ ওপৰত এখন শক্তিশালী বাঁহৰ দলং।

দুচকীয়া বাহন নিৰ্বিঘ্নে চলাচল কৰিব পৰাকৈ নিৰ্মাণ কৰা বাঁহৰ দলংখনৰ জৰিয়তে মৰনৈ, সোৱণশিৰি আদি পঞ্চায়তৰ ৰাইজ নদীৰ বুকুৰে বাৰিষা নাও অথবা খৰালি তৰাং বুকুৰে বিপদজনক যাতায়ত ব্যৱস্থাৰ উপশম ঘটিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে। পথৰ জৰাজীৰ্ণতাই কোঙা কৰা ৰাইজে প্ৰাথমিক পৰ্যায়ত দলংখনৰ পকী নিৰ্মাণ দাবী জনাই আহিছিল । কিন্তু চৰকাৰ ,ৰাজনীতিক প্ৰশাসনৰ উদাসীনতাৰ বাবে সেইয়া বিগত ১৫ বছৰে লাভ নকৰিলে ।

পৰিণতিত এগৰাকী ছাত্ৰীৰ নদীৰ বুকুত পৰি অকাল মৃত্যু ঘটা বুলি কৈ শিক্ষাৰ্থী, কৰ্মচাৰী, ৰাইজ বিগত এটা দশকৰো অধিক কাল ধৰি অবৰ্ণনীয় যন্ত্ৰণাৰ সন্মুখীন হৈ অহাৰ পৰিপ্ৰেক্ষিতত এনেবোৰ ভণ্ড ৰাজনীতিক, আমোলা বিষয়ালৈ বাট নাচাই ৰাইজে ঐক্যবদ্ধ ভাবে দলং খন নিৰ্মাণ কৰা বুলি প্ৰত্যয়েৰে সংবাদ মাধ্যমক জানিবলৈ দিলে ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in