ভৈৰৱকুণ্ডত অসম-অৰুণাচল সংযোগী দলঙৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী শৰ্মাৰ

ভৈৰৱকুণ্ডত অসম-অৰুণাচল সংযোগী দলঙৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী শৰ্মাৰ

author-image
asomiyapratidin
New Update
ভৈৰৱকুণ্ডত অসম-অৰুণাচল সংযোগী দলঙৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী শৰ্মাৰ

ডিজিটেল সংবাদ, ওৰাং: ভাৰত-ভূটান সীমান্তৱৰ্তী ভৈৰৱকুণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ওদালগুৰি জিলাৰ ঐতিহ্যমণ্ডিত পৰ্যটন স্থলী ভৈৰৱকুণ্ডৰ ধনশ্ৰী নৈত মঙলবাৰে দলঙৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। প্ৰায় ৩৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা দলংখনৰ দৈৰ্ঘ্য হ'ব ৩২০ মিটাৰ।

Advertisment

দলঙখনে অসম-অৰুণাচল আৰু প্ৰতিৱেশী ৰাষ্ট্ৰ ভূটানক সংযোগ কৰাৰ লগতে যাতায়ত ব্যৱস্থা সূচল কৰিব ।বিটিআৰ চুক্তিৰ আধাৰত ওদালগুৰি-ভৈৰৱকুণ্ড পথৰ ধনশ্ৰী নৈত দলংখন নিৰ্মাণ কৰা হৈছে। আজি আধাৰশিলা স্থাপন কৰা দলংখন ২০২৫ চনৰ ফেব্ৰুৱাৰীত সম্পূৰ্ণ হৈ উঠিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

দলং খনৰ আধাৰশিলা স্থাপন কৰি এক বিশাল জনসভা সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ৪ হাজাৰখন হাইস্কুল উন্নয়নৰ বাবে ১০ হাজাৰ কৌটি টকা ব্যয় কৰিব বুলি বৃহৎ ঘোষণা কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে জনসভাখন বিটিআৰ তথা ওদালগুৰি জিলালৈ কেবাটাও উন্নয়নমূলক আঁচনি ঘোষণা কৰে ।

অহা ৭ চেপ্তেম্বৰত কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া কেবিনেটত বিটিআৰৰ বাবে গুড ওইল মিচনৰ জৰিয়তে অধিক পূঁজি আৱন্টন দিয়াৰ লগতে বিটিআৰে ১২০ কিলোমিটাৰ পকীপথ লাভ কৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে ।গুড ওইল মিচনৰ জৰিয়তে ওদালগুৰি জিলাত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কেম্পাছ স্থাপন কৰাৰ লগতে আৰু কেবাটাও আঁচনি ঘোষণা কৰে।

অন্যহাতে অহা ১ তাৰিখৰ পৰা চাহ বাগানৰ মজুৰি বৃদ্ধি কৰাৰ উপৰিও আৰু ১০০ খন বিদ্যালয় চাহবাগনত প্ৰতিষ্ঠা কৰাৰ উল্লেখ কৰে । সমান্তৰালকৈ মাধ্যম বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰি কয় যে, যি সকলে এইলৈ বিতৰ্ক কৰি আছে তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালী ইংৰাজী মাধ্যমত পঢ়াই আছে । গতিকে আমি দুখীয়া ঘৰৰ ছাত্ৰ-ছাত্ৰী সকলে যাতে ডক্টৰ-ইঞ্জিনিয়াৰ হ'ব পাৰে তাৰ বাবে মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত মাত্ৰ দুটা বিষ‌য় ইংৰাজী ভাষাত অধ্যয়নৰ ব্যৱস্থা কৰিছো।

আজিৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত মুখ্যমন্ত্ৰীক সংগদিয়ে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, কেবিনেট মন্ত্ৰী অশোক সিংঘাল, বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীৰ লগতে শাসক-বিৰোধীৰ কেবাগৰাকী নেতা কৰ্মীয়ে।

আৰু পঢ়ক: অসম গণ সংযোগ বিষয়া সংন্থাৰ বাৰ্ষিক সাধাৰণ নিৰ্বাচন

assam himanta biswa sarma orang