২৩ বছৰে সঞ্চিত পূঁজিৰে এজনে নিৰ্মাণ কৰিলে দলং…

২৩ বছৰে সঞ্চিত পূঁজিৰে এজনে নিৰ্মাণ কৰিলে দলং…

author-image
asomiyapratidin
New Update
২৩ বছৰে সঞ্চিত পূঁজিৰে এজনে নিৰ্মাণ কৰিলে দলং…

ডিজিটেল সংবাদ, ঢকুৱাখনা:  যি সময়ত চৰকাৰী আঁচনিৰ বিপৰীতে আবন্টিত পূঁজি গোগ্রাসে উদৰস্থ কৰাৰ এক অশুভ পৰম্পৰাই সমগ্ৰ ঢকুৱাখনা মহকুমা চানি ধৰিছে।  তেনে সময়তে এগৰাকী কৰ্মযোগী চহাই নিজৰ গাঁঠিৰ ধন বিনিয়োগ কৰি এখন প্ৰায় ৫০ মিটাৰ দৈর্ঘৰ বাঁহৰ দলং নিৰ্মান কৰি  বিৰল দৃষ্টান্ত দাঙি ধৰি আহিছে । 

Advertisment

কোনো ধৰণৰ চৰকাৰী আঁচনি কিম্বা জন প্ৰতিনিধিৰ অৰ্থ সাহায্যৰ মুখলৈ বাট নাচাই অথবা সুবিধাভোগী ৰাজনীতিকৰ আঁচনিলৈ অপেক্ষা নকৰি ঢকুৱাখনা মহকুমাৰ মৰনৈ পঞ্চায়তৰ কৌপাতনি গাঁওৰ এগৰাকী দৰিদ্ৰ শ্ৰমজীৱীয়ে নিৰ্মান কৰি উলিয়াইছে এখন বাঁহৰ দলং । 

এই কৰ্মযোগী ব্যক্তি গৰাকীৰ নাম হ'ল ৰঞ্জিত চুতীয়া । বিগত প্ৰায় ২২ বছৰ ধৰি এইগৰাকী জনদৰদী চহা ব্যক্তিয়ে  চৰকাৰ জনপ্ৰতিনিধিৰ সু দৃষ্টি নপৰা মৰা চামপৰা নৈৰ ওপৰত নিজা গাঁঠিৰ ধন ব্যয় কৰি প্ৰতি বছৰে নিৰ্মাণ কৰি আহিছে প্ৰায় ৫০ মিটাৰ দৈর্ঘৰ বাঁহৰ মজবুত দলং ।

বিগত ২২ বছৰীয়া পৰম্পৰা অক্ষুন্ন ৰাখি এইবাৰো চুতীয়াই নিজৰ বাৰীৰ বনজ সম্পদ ব্যৱহাৰ কৰি  আৰু সঞ্চিত পূঁজিৰে দেওবাৰে নিৰ্মাণ কৰি উলিয়ালে উক্ত সদা ব্যস্ত পথৰ দলংখন । প্ৰায় ১০ খন গাঁওৰ কৃষিজীৱী ৰাইজৰ লগতে পথচাৰী সকলে যাতায়ত চলোৱা এই  পথটোৰ ওপৰত নিৰ্মিত দলংখনৰ আনুমানিক ব্যয় প্ৰায় ১ লাখ ১০ হাজাৰ টকা হ'ব বুলি ধাৰণা কৰা হৈছে।

পথচাৰী ৰাইজক বিনামূলীয়া ভাবে আৰু নিৰাপদ ভাবে মৰা চামপৰা নৈ পাৰাপাৰ হ'বলৈ সুবিধা কৰি দিয়াৰ লক্ষ্যৰে নিঃকিন জন হিতৈষী চহা ৰঞ্জিত চুতীয়াই বিগত ২২ টা বছৰে এই দলংখন নিৰ্মাণ কৰি অহা বুলি সংবাদ মাধ্যমক জানিবলৈ দি এনে জন সেৱাৰে জীৱনৰ পৰমানন্দ লাভ কৰা বুলি জনাই ।

অঞ্চলটোৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনলৈকো মেটমৰা একক অৱদান আগবঢ়াই যোৱা সমাজ হিতৈষী ৰঞ্জিত চুতীয়াই পুৱাৰ পৰাই হাতে কামে লাগি অব্যাহত ৰখা এই দলং নিৰ্মাণত বহু কেইজন স্থানীয় ব্যক্তিয়েও  স্বতঃস্ফূৰ্ত ভাবে সহযোগিতা আগবঢ়াই ।

সততে গ্ৰামাঞ্চলৰ  উন্নয়ন, পৰিৱৰ্তন আৰু বিকাশৰ ঢাক ঢোল বজায় অহা গেৰুৱা চৰকাৰখনৰ বিধায়ক নৱ দলে আৰু স্তাৱক বাহিনীৰ কস্মিন কালেও সুদৃষ্টি নপৰা এই মৰনৈ পঞ্চায়তৰ এক দীৰ্ঘদিনীয়া ৰাজহুৱা সমস্যাক এগৰাকী  চহা ,সু হৃদয়বান ব্যক্তিয়ে যুগ যুগ ধৰি সমাধান কৰি অহা বিষয়টোৱে গেৰুৱা চৰকাৰ আৰু বিধায়ক নৱ দলেৰ তথাকথিত  সফলতাৰ স্বৰূপটো ৰাইজৰ মাজত লাজ লগা ধৰণে উলংগ কৰি তুলিছে।

চৰকাৰী আঁচনিৰ নামত আবন্তিত  ধনৰ বৰভোজ পতা বিধায়কৰ ঘনিষ্ঠ গেৰুৱা বাহিনীৰ সৰ্বগ্ৰাসী চৰিত্ৰত বিপৰীতে এগৰাকী দৰিদ্ৰ কৃষকৰ এনে যুগজয়ী প্ৰয়াস নিশ্চিতভাৱে প্ৰশংসনীয় আৰু অনুকৰণীয় হিচাবে ধৰা দিছে সমষ্টিবাসীৰ মাজত।

আৰু পঢ়ক: পুনৰ আলফা(স্বা)ত যোগদান ১২ যুৱকৰ…

assam dhakuakhana