দহ দিনত হোৰা-হোৰে বাঢ়িছে ইটাৰ দাম

author-image
Asomiya Pratidin
New Update
দহ দিনত হোৰা-হোৰে বাঢ়িছে ইটাৰ দাম

ডিজিটেল সংবাদ, মঙলদৈঃ দৰঙত ইটাৰ অভাৱনীয় দাম। ১০ হাজাৰ ৰ পৰা এতিয়া ১৫/১৬ হাজাৰালৈ বাঢ়িছে প্ৰতি হাজাৰ ইটাৰ দাম।

Advertisment

দহ দিনত ক'ত, কেনেকৈ বাঢ়িল ইটাৰ দাম এক ডাঙৰ প্ৰশ্ন। দৰঙৰ ছিপাঝাৰ, দুমুনিচকি, ৰামহৰি, ছপাই, জনাৰাম চ'ক,হৰিণ খোজা, বেজপাৰা,খটৰা আদিকে ধৰি বহু কেইখন ঠাইত আছে বহু কেইটা ইটা ভাতা। এনেদৰে হোৰা হোৰে ইটাৰ দাম বৃদ্ধি হোৱাত এতিয়া মুৰে কপালে হাত দিব লগীয়া হৈছে সাধাৰণ জনতাই ।

ইটা ভাটা সমূহৰ বিৰুদ্ধে কৃ্ত্ৰিম নাটনিৰ অভিযোগ উত্থাপন হৈছে। বিভাগীয় গাইড লাইন উলংঘাৰো অভিযোগ উত্থাপন হৈছে এই ইটা ভাটা সমূহৰ বিৰুদ্ধে। ইটাৰ আকাৰ পূৰ্বতকৈ সৰু হোৱাৰ অভিযোগ। বহু ভাটাৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ NOC নথকাৰ অভিযোগ। যদি এই অভিযোগ সমূহ সঁচা হয় তদন্ত হ'বনে?

যদি কৃত্ৰিম নাটনিৰ সঁচাকৈয়ে সৃষ্টি হৈছে ইয়াৰ বিৰুদ্ধে জিলা প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহন কৰিবনে নে এনেকৈয়ে নিমাত হৈ থাকিব সেয়া হ'ব লক্ষণীয়।

Also Read: আৰক্ষীৰ জিম্মাত কয়দীৰ মৃত্যু...