ন-উদ্যমেৰে ৰাজনৈতিক পথাৰত হাগ্ৰামাঃ মিত্ৰতা নহয়, অকলেই নিৰ্বাচনী যুঁজ জয় কৰিব বি পি এফে...
ন-উদ্যমেৰে ৰাজনৈতিক পথাৰত হাগ্ৰামাঃ মিত্ৰতা নহয়, অকলেই নিৰ্বাচনী যুঁজ জয় কৰিব বি পি এফে...

ন-উদ্যমেৰে ৰাজনৈতিক পথাৰত হাগ্ৰামাঃ মিত্ৰতা নহয়, অকলেই নিৰ্বাচনী যুঁজ জয় কৰিব বি পি এফে...

ডিজিটেল ডেস্কঃ সমগাত লোকসভা নিৰ্বাচন। নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ ৰাজনৈতিক দলসমূহ। তাৰ মাজতেই ৰাজ্যত নিৰ্বাচনী ৰণকৌশল হিচাপে বিৰোধী একত্ৰিত হোৱাৰ প্ৰস্তুতি চলাৰ বিপৰীতে শাসকীয় বিজেপিয়েও বিভিন্ন ধৰণে চলাই আছে নিৰ্বাচনী প্ৰস্তুতি।

তাৰ মাজতে কেইদিনমান আগলৈকে অসম ৰাজনীতিত কিং মেকাৰ হৈ থকা হাগ্ৰামা মহিলাৰীৰ এক ঘোষণাই বিজেপি, কংগ্ৰেছ সকলোকে বিবুধিত পেলাইছ। হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰিছে ২০২৪ ৰ লোকসভা নিৰ্বাচনত বি পি এফে অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব।

কোনো ৰজানৈতিক দলৰ লগত মিত্ৰতা নকৰে। অসম বিধানসভাত শাসনাধিস্ত বিজেপিক বাহিৰৰ পৰা সমৰ্থন দিয়াৰ লগতে বিজেপিৰ লগত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি অহা বি পি এফৰ এই সিদ্ধান্তই বিজেপিৰ লগতে বিৰোধীৰ অংকত খেলিমেলিৰ সৃষ্টি কৰিছে।

উল্লেখ্যে যে, বি টি চিৰ ক্ষমতা হাতৰ পৰা ওলাই যোৱাৰ পিছতে ৰাজ্যত বি পি এফ আৰু হাগ্ৰামা মহিলাৰীৰ গুৰুত্ব পূৰ্বতকৈ কমি অহাৰ পৰিপ্ৰেক্ষিতত লোকসভা নিৰ্বাচনৰ পূৰ্বে দলটোক অধিক শক্তিশালী কৰি তুলিবলৈ হাগ্ৰামা মহিলাৰী আৰু দলীয় নেতৃত্বই ইটোৰ পিছত সিটো ৰাজনৈতিক কাৰ্যসূচী গ্ৰহণ কৰিছে।

ৰাজহুৱা সভাৰ উপৰিও তেওঁ বিভিন্ন স্থানত বাহিৰ কৰিছে ৰেলী, পদযাত্ৰা। দলটোৰ এই কৰ্মসূচীলৈ সহযোগিতা আগবঢ়াইছে হাজাৰ হাজাৰ জনতাই। যাৰ বাবে আত্মবিশ্বাসী হৈ পৰিছে হাগ্ৰামা তথা বি পি এফ।

আজি তেনে এক ৰাজহুৱা সভাতেই হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰিলে ২০২৪ লোকসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দিতা আগবঢ়াব। বিজেপি, কংগ্ৰেছ অথবা এ আই ইউ ডি এফ কোনো দলৰ সৈতেই মিত্ৰতা স্থাপন নকৰে।

দলটোৱে কোকৰাঝাৰ লোকসভা সমষ্টি আৰু সমষ্টি পুনৰ গঠন নিশ্চিত হ'লে নতুনকৈ সৃষ্টি হ'বলগীয়া ওদালগুৰি লোকসভা সমষ্টিত নিজাকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। আজি বাক্সা জিলাৰ শালবাৰীৰ দুটা স্থানত পদযাত্ৰা কৰাৰ অন্তত ৰাজহুৱা সভাত এই ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে।

এই সভাতেই বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োকো চোকা সমালোচনা কৰিলে হাগ্ৰামা মহিলাৰীয়ে। তেওঁৰ মতে যোৱা ৩ বছৰত বিটিচিত কোনো পৰিৱৰ্তন হোৱা নাই। ইয়াৰ পৰিৱৰ্তে প্ৰমোদ বড়োৰহে পকেটৰ পৰিৱৰ্তন হৈছে।

ন-উদ্যমেৰে ৰাজনৈতিক পথাৰত হাগ্ৰামাঃ মিত্ৰতা নহয়, অকলেই নিৰ্বাচনী যুঁজ জয় কৰিব বি পি এফে...
চান্দকুছি-জেংপাৰাৰ ফাগুণী উৎসৱত পাৰভঙা উছাহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in