/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a4b90416-a751-4915-af5f-30a42a30bd35/hagrama.jpg)
ডিজিটেল সংবাদ, চিৰাং : সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰাত প্ৰস্তাৱিত দৰং লোকসভা সমষ্টি বাতিল কৰি ষষ্ঠ অনুসূচীৰ অধীনত ওদালগুৰী লোকসভা সমষ্টি; সমষ্টি গঠন কৰাৰ দাবীৰে বি পি এফৰ ধৰ্ণা। বুধবাৰে চিৰাঙৰ কাজলগাঁৱত বি পি এফ দলে উক্ত দাবীত ৩ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/cd5f206b-cdc8-4c72-a6da-f17d92ce4736/2c6cc0ee_619b_4b09_aaab_9d4e5d56b08f.jpg)
আনহাতে প্ৰস্তাৱিত ১৯ নং চিদলী-চিৰাং বিধানসভা সমষ্টিত অধিক এলেকা সামৰি লোৱাৰ দাবী উত্থাপন কৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বি পি এফ দলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচীত বি টি চিৰ প্ৰাক্তন প্ৰধান তথা বি পি এফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰে।
হাগ্ৰামা মহিলাৰীয়ে কয় যে "আমি বি টি আৰ এলেকাত কোকৰাঝাৰ লোকসভা সমষ্টিৰ উপৰি কিয় ওদালগুৰী লোকসভা সমষ্টি বিচাৰিছোঁ তাৰ আঁৰত যুক্তি আছে। কাৰণ যোৱা ২০০৩ চনত যেতিয়া বি টি চি শান্তি চুক্তি সম্পাদিত হৈছিল সেই চুক্তিত উল্লেখ্য কৰা আছে যে দেশৰ সংবিধান প্ৰদত্ত ষষ্ঠ অনুসূচী এলেকাত যদি সমষ্টি পুনঃনিৰ্ধাৰণ কৰা হয়। তেনেহ'লে তদানীন্তন বি টি এ ডি এলেকাত এটা নতুনকৈ লোকসভা সমষ্টি গঠন হ'ব ।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/7bc9db87-a8ed-4578-9060-e1a9a2f8dc3b/73dafe46_c0f4_4626_9a5c_81ef1f5e9123.jpg)
লগতে মন্তব্য কৰে যে, "দেশৰ সংবিধান প্ৰদত্ত ষষ্ঠ অনুসূচী এলেকাৰ মৰ্যাদা ৰক্ষা কৰি ২০০৭ চনৰ খচৰা হিচাপে দৰং লোকসভাৰ পৰিবৰ্তে ওদালগুৰী লোকসভা সমষ্টি কৰিব লাগে বুলি আমি দাবী কৰি আছো। আমাৰ এই দাবীক লৈ অহা ৭ জুলাই লৈকে বি পি এফ দলৰ পৰা আন্দোলন কাৰ্যসূচী চলি থাকিব বুলি থাকিব" বুলি সদৰি কৰে ।
হাগ্ৰামা মহিলাৰীয়ে আৰু কয় যে অসমৰ কাৰ্বি আংলং আৰু ডিমা হাচাও আদি কৰি উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ষষ্ঠ অনুসূচী এলেকাত থকা ঠাই ষষ্ঠ অনুসূচী এলেকাৰ পৰা কাটি বাহিৰৰ সমষ্টিত সংযোজন কৰাৰ নজিৰ নাই । তেনেস্থলত ষষ্ঠ অনুসূচী বিটিচি এলেকাৰ পৰা এলেকা কৰ্তন কৰি নি প্ৰস্তাৱিত দৰং লোকসভা সমষ্টিত সংযোজিত কৰাটো আমি বিপিএফ দল হিচাপে মানি ল'ব পৰা নাই ।
মুঠতে ভাৰতৰ নিৰ্বাচন আয়োগে এই খচৰা বাতিল কৰি ষষ্ঠ অনুসূচী শায়ত্ব শাসিত এলেকাত নতুনকৈ ওদালগুৰী লোকসভা সমষ্টি গঠন কৰিব লাগে বুলি দাবী জনায়। ইপিনে উক্ত খচৰাত বিটিআৰ এলেকাত ১২ খন বিধানসভা সমষ্টিৰ ঠাইত ১৫ খন সমষ্টিলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ লৈছে তাক আদৰণি জনায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/ea24abf9-43bd-4d41-a8b9-ffad486ce4b3/476ba32e_1b46_4c28_bd86_93492b996504.jpg)
ইপিনে ইউ পি পি এল দলৰ পৰা হাগ্ৰামা মহিলাৰীয়ে ওদালগুৰী লোকসভা সমষ্টি জনজাতিৰ বাবে সংৰক্ষিত কৰাৰ দাবী জনাই কৰা অভিযোগ সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে অসমত ১৪ লোকসভা সমষ্টিৰ ভিতৰত কোকৰাঝাৰ আৰু ডিফু জনজাতিৰ কাৰণে সংৰক্ষিত সেইক্ষেত্ৰত মই প্ৰস্তাৱিত ওদালগুৰী লোকসভা সমষ্টি জনজাতিৰ কাৰনে সংৰক্ষিত কৰিব লাগে বুলি কিয় ক'ম বুলি প্ৰশ্ন উত্থাপন কৰে।
লগতে এয়া ইউপিপিএল দলৰ পৰা বিষয়টো অইনফালে লৈ যোৱাৰ চেষ্টা চলাইছে বুলি মন্তব্য কৰে । বুধবাৰে অনুষ্ঠিত এই ধৰ্ণাস্থলীৰ পৰাই হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োক লক্ষ্য কৰি কয় যে বিটিচি সচিবালয়ৰ ভিতৰত প্ৰমোদ বড়োই নিজৰ খোৱা-বোৱাৰ সুবিধাৰ্থে ফাইভ ষ্টাৰ হোটেলৰ দৰে ৰান্ধনীঘৰ বনাই লৈছে ।
কাৰণ প্ৰমোদ বড়োই কোকৰাঝাৰৰ ঘৰত একো নেখায় যি খায় চৰকাৰী খৰচতে সচিবালয়ৰ ভিতৰত ফাইভ ষ্টাৰ হোটেলৰ দৰে বনোৱা ৰান্ধনীঘৰত মাছ,মঙহ বনাই খায় বুলি কটাক্ষ কৰে । ইপিনে একে সময়তে চিৰাং জিলা সদৰ কাজলগাঁৱত শাসকীয় দল ইউ পি পিএল জিলা কাৰ্যালয়ত এক দলীয় যোগদান কাৰ্য্যসূচীত অনুষ্ঠিত হয়।
এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে সমষ্টি পুনঃনিৰ্ধাৰণক লৈ হাগ্ৰামা মহিলাৰীয়ে গ্ৰহণ কৰা স্থিতিক তীব্ৰ সমালোচনা কৰে।তেওঁ কয় যে হাগ্ৰামা মহিলাৰীয়ে এইফালে নিজৰ দলত ভিন্ন ভিন্ন জনগোষ্ঠীয় কোষ খুলি সম অধিকাৰ, সম উন্নয়ন কথা কৈ থাকে আকৌ সেইজন হাগ্ৰামা মহিলাৰীয়ে নতুনকৈ দাবী কৰা ওদালগুৰী লোকসভা সমষ্টি জনজাতিৰ বাবে সংৰক্ষিত কৰাৰ কথা কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/6678b091-f6dd-4c5c-95c7-4231a0ac2d5b/1b715c79_1f80_42df_a22d_98a91a3cb7f8.jpg)
ইয়াতেই অনুমান কৰিব পাৰি যে হাগ্ৰামা মহিলাৰীয়ে কেৱল নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে এনেধৰণৰ ৰাইজক বিভ্ৰান্ত কৰাৰ মন্তব্য কৰি আছে । বিটিআৰ এলেকাত জনজাতিৰ বাবে সংৰক্ষিত নকৰাকৈ ওদালগুৰী লোকসভা সমষ্টি গঠন হোৱাটো ইউপিপিএল দলৰ পৰা আমি বিচাৰো বুলি মন্তব্য কৰে ।
ইপিনে প্ৰমোদ বড়োই বিটিচি সচিবালয়ৰ ভিতৰত ফাইভ ষ্টাৰ হোটেলৰ দৰে ৰান্ধনীঘৰ বনোৱা সন্দৰ্ভত কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয় যে বিগত ১৫ বছৰৰ শাসনকালত কোনে হোটেল, ৰিজৰ্ট বনাইছে সেয়া ৰাইজে জানে। নাম উল্লেখ নকৰাকৈ ইউ পি পি এল দলৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে কয় যে নিজে চোৰ হ'লে আনকো চোৰ বুলিয়েই ভাবে বুলি কটাক্ষ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/523ec792-0024-4137-8746-b7c314ccb4a9/00d8e7fa_065d_4325_9e76_faa3fc72ba4f.jpg)
"যি হাগ্ৰামা মহিলাৰী বিগত বিটিচি নিৰ্বাচনত বিজয়ী হোৱাৰ পিছত আজিলৈকে বি টি চি সচিবালয়ত প্ৰৱেশ কৰি পোৱা নাই, সেইজন হাগ্ৰামা মহিলাৰীয়ে কেনেকৈ গম পালে যে বি টি চিৰ সচিবালয়ত ফাইভ ষ্টাৰ হোটেলৰ দৰে ৰান্ধনীঘৰ বনাইছে । এইবিলাক দৰাচলতে ৰাইজক বিভ্ৰান্ত কৰা গোটাক মিছা কথা" বুলি মন্তব্য কৰে বিধায়ক জয়ন্ত বসুমতাৰীয়ে।
আজি ইউ পি পি এল দলৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ সনু ৰায়ৰ নেতৃত্বত বাসুগাঁও, কদমতলা, টাঙ্গাবাৰী এলেকাৰ ৩২ গৰাকী ৰাজবংশী যুৱক আনুষ্ঠানিকভাৱে ইউ পি পি এল দলত যোগদান কৰে । নতুনকৈ যোগদান কৰা যুৱকসকলক ফুলাম গামোচাৰে আদৰণি জনাই বিধায়ক জয়ন্ত বসুমতাৰী, জিলা ইউ পি পি এল দলৰ সভাপতি নিৰ্মল কুমাৰ ব্ৰহ্ম, সাধাৰণ সম্পাদক অমৰ সিং ব্ৰহ্ম সহ অন্যান্য দলীয় নেতাসকলে ।