প্ৰবীন বড়োৰ দল ত্যাগে কোনো ক্ষতি নকৰে বিপিএফৰ: দেৰহাচাৰ বসুমতাৰী

প্ৰবীন বড়োৰ দল ত্যাগে কোনো ক্ষতি নকৰে বিপিএফৰ: দেৰহাচাৰ বসুমতাৰী

author-image
asomiyapratidin
New Update
প্ৰবীন বড়োৰ দল ত্যাগে কোনো ক্ষতি নকৰে বিপিএফৰ: দেৰহাচাৰ বসুমতাৰী

ডিজিটেল সংবাদ, বাক্সা: বিপিএফৰ সাধাৰণ সম্পাদক প্ৰবীন বড়োৰ দলত্যাগে দলৰ কোনো ক্ষতি নকৰে। তেওঁ ব্যক্তিগত কাৰণত দলত্যাগ কৰিছে। কোকলাবাৰী সমষ্টিত বিপিএফৰ প্ৰাৰ্থী শংকৰ বসুমতাৰীয়ে পাঁচ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হ'ব। সোমবাৰে বাক্সা জিলাৰ চকাদলত এখন নিৰ্বাচনী সভাৰ পিছতে সাবাদিকৰ আগত মন্তব্য কৰে বিটিচিৰ বিৰোধী দলৰ দলপতি তথা বিপিএফ নেতা দেৰহাচাৰ বসুমতাৰীয়ে।

Advertisment

তেওঁ কয় যে দীৰ্ঘদিন ধৰি প্ৰবীন বড়োৱে ৰাজনীতিত থকাৰ পিছত ব্যক্তিগত অসুবিধাৰ বাবে দলত্যাগ কৰাটো দলৰ কোনো ক্ষতি নহয় বুলি মন্তব্য কৰে। বিটিচিত প্ৰমোদ বড়োৱে যি পৰিবৰ্তনৰ কথা কৈছিল তাত কোনো বেয়া পৰিবৰ্তনহে হৈছে বুলি মন্তব্য কৰে।

আনহাতে অবড়ো সুৰক্ষা সমিতিৰ প্ৰাৰ্থী হীৰেন শৰণীয়াই নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰাত থকা প্ৰসংগত তেওঁ কোনো নেতাই কাক ভোট দিব লাগে বুলিলেই যে সকলোৱে ভোট দিব লাগে বুলি কোনো কথা নাই আজি কালি সকলোৱে বিবেক ভোট দিয়ে বুলি কয়। এটা দলৰ প্ৰাৰ্থীক ক'ৰবত লুকাই ৰাখি ইয়াত এটা ৰাজনৈতিক খেল জড়িত হৈ থকা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

আৰু পঢ়ক: গুৱাহাটীত ব্লেণ্ডাৰ্ছ প্ৰাইড ফেশ্বন নাইটছ-২০২২…

assam bpf