শিহৰণকাৰী! ৰাজপথতে প্ৰেমিক নিতুৰাজে চুৰিৰে আক্ৰমণ কৰিলে প্ৰেমিকাক…

শিহৰণকাৰী! ৰাজপথতে প্ৰেমিক নিতুৰাজে চুৰিৰে আক্ৰমণ কৰিলে প্ৰেমিকাক…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, পাঠশালা: বজালীৰ সৰুপেটা কদমতলাত শুকুৰবাৰে সংঘটিত হয় এক শিহৰনকাৰী ঘটনা।ৰাজপথতে প্ৰেমিকে চুৰিৰে হানি খুচি প্ৰেমিকাক হত্যাৰ চেষ্টা কৰে।

Advertisment

তাৰ পাছতে আহত প্ৰেমিকাক চিকিৎসালয়লৈ লৈ যায় পাষাণ্ড প্ৰেমিকে । জানিব পৰা মতে দুয়োৰে মাজত দুবছৰ ধৰি আছিল প্ৰেমৰ সম্পৰ্ক।

সংকটজনক অৱস্থাত গুৰুতৰভাৱে আহত যুৱতীগৰাকীক বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

প্ৰেমিকাক আক্ৰমণকাৰী যুৱকজন চিৰাং জিলাৰ ঢালিগাৱৰ নিতুৰাজ ব্ৰহ্ম বুলি জানিব পৰা গৈছে। ঘটনাৰ পাছতেই আৰক্ষীয়ে আটক কৰে প্ৰেমিকাক আক্রমণ কৰা প্ৰেমিক নিতুৰাজক।

সৰুপেটা আৰক্ষীয়ে নিতুৰাজ ব্ৰক্ষ্মক আটক কৰি ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। ধৃত নিতুৰাজে সাংবাদিকৰ সন্মুখত ঘটনাৰ স্বীকাৰোক্তি দিছে যে দুবছৰ ধৰি দুয়ো প্ৰেমৰ সম্পৰ্কত আছিল।

শেহতীয়াভাৱে নিতুৰাজৰ প্ৰেম প্ৰত্যাখান কৰাত আজি নিজৰ ঘৰৰ পৰা আজি আহি উপস্থিত হয় বাস্কাৰ শালবাৰীত আৰু শালবাৰীৰ পৰা এজন বন্ধুৰ সৈতে স্কুটীৰে সৰুপেটাৰ কদম তলত লগ কৰিছিল যুৱতী গৰাকীক।

ইয়াৰ পিছতে দুয়োজনৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু নিতুৰাজে যুৱতী গৰাকীক চুৰিৰে উপৰ্যুপৰি আঘাত কৰি নিজেই ভৱানীপুৰ চিকিৎসালয়লৈ লৈ আহে।

আৰু পঢ়ক:  ৭ জুনত ঘোষণা হ'ব মেট্রিক আৰু হাইমাদ্রাছাৰ ফলাফল

assam Assam police attack