চতিয়াত আঘাতপ্ৰাপ্ত অৱস্থাত বৰটোকোলা উদ্ধাৰ

চতিয়াত আঘাতপ্ৰাপ্ত অৱস্থাত বৰটোকোলা উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
চতিয়াত আঘাতপ্ৰাপ্ত অৱস্থাত বৰটোকোলা উদ্ধাৰ

ডিজিটেল সংবাদ,জামুগুৰিহাট : ক্ৰমান্বয়ে বিলুপ্তপ্ৰায় পক্ষীৰ পথত বৰটোকোলা। ইতিমধ্যে বনবিভাগ তথা বিভিন্ন বে-চৰকাৰী সংস্থাসমূহে দুষ্প্ৰাপ্য বৰটোকোলাকে ধৰি বিলুপ্তপ্ৰায় পক্ষী সংৰক্ষণৰ বাবে কেতবোৰ প্ৰকল্প হাতত লৈছে।

Advertisment

যিকোনো প্ৰকাৰে এনেধৰণৰ পক্ষীক সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। তেনে সময়তে চতিয়াত উদ্বাৰ কৰা হৈছে এটা আঘাতপ্ৰাপ্ত বৰটোকোলা। জানিব পৰামতে,পাৱাৰগ্ৰীডৰ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বৰটোকোলাটো ৷

এখন ঠেঙত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বৰটোকোলাটো ৷ স্থানীয় যুৱকে আঘাতপ্ৰাপ্ত বৰটোকোলাটো উদ্ধাৰ কৰি আন যুৱকৰ সহযোগত চতিয়া ৰাজ্যিক পশুচিকিৎসালয়লৈ লৈ আনে ৷ ইতিমধ্যে প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

chatia assam forest department