/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/borsha-2.jpg)
ডিজিটেল ডেস্কঃ সোমবাৰে হোমৰ জুইক সাক্ষী কৰি বিবাহ পাশত আবদ্ধ হ'ল জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া। অনুৰাগী সকলৰ বহু প্ৰতীক্ষাৰ অন্তত কেমেৰাত নহয় বাস্তৱত কইনা সাজ পিন্ধি হোমৰ গুৰিত বহিল মোহময়ী অভিনেত্ৰীগৰাকীয়ে।আয়তীৰ উৰুলিৰে মুখৰিত হ'ল ৰভাতলী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/borsha-1024x1024.jpg)
নতুন ইনিংছ আৰম্ভ হ'ল অভিনেত্ৰী গৰাকীৰ।বৰষা ৰাণী বিষয়াই জীৱন সংগী ৰূপে বৰমালা পিন্ধালে যোৰহাটৰ এজন যুৱক ভাস্কৰ বৰুৱাক। যোৰহাটৰ বাহনাত ঘৰ ভাস্কৰৰ। বিবাহৰ সকলো আনুষ্ঠানিকতা অনুষ্ঠিত হ'ল মায়ঙৰ গৰঙা মন্দিৰত। দুয়োলৈ অফুৰন্ত শুভকামনা।