/asomiyapratidin/media/media_files/2025/04/20/M1gkrnEqmxjVTpw6hhAR.jpg)
ডিজিটেল সংবাদ, বৰমাঃ বাক্সা জিলাৰ বৰমা ছোৱালী হাইস্কুলত আজি এটি মহাকাশ গবেষণাগাৰ উদ্বোধন কৰে ইছৰোৰ সঞ্চালক ড° নীলেশ এম দেশায়ে। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থকা কাৰ্যসূচীত ড° নীলেশ এম দেশায়ে অসম চৰকাৰে নিৰ্মাণ কৰিব লগীয়া চেটেলাইট সন্দৰ্ভত মন্তব্য প্ৰদান কৰে ।
তেওঁ কয় যে, চাৰি পাঁচ বছৰৰ ভিতৰত নিৰ্মাণ হব ৰাজ্য চৰকাৰৰ চেটেলাইট । তেওঁ ছাত্ৰ-ছাত্ৰীক বিজ্ঞান, গণিত বিষয় অধিক উৎসাহেৰে পঢ়িবলৈ আহ্বান জনায় ৷ ছাত্র- ছাত্ৰী সকলক মহাকাশ গবেষণাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ পদক্ষেপ গ্রহণ কৰা বুলি জানিব দিয়ে ইছৰোৰ সঞ্চালক গৰাকীয়ে। ভাৰতৰো নিজাকৈ মহাকাশত যোৱাৰ প্ৰস্তুতি ইতিমধ্যে কৰি থকা হৈছে বুলিও জানিবলৈ দিয়ে ৷
ইফালে বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে ইছৰোৰ অধীনত সমগ্ৰ বিটিআৰতে দহখন বিদ্যালয়ত মহাকাশ গবেষণাগাৰ স্থাপন কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা বুলি জানিব দিয়ে। বিটিআৰ অঞ্চলত বিজ্ঞান শিক্ষা আগুৱাই নিবৰ কাৰণে আমাৰ ছাত্ৰ-ছাত্ৰীক বিজ্ঞান টেকনলজিৰ লগত বিভিন্ন শিক্ষা বিভাগ সমুহ প্ৰদান কৰা হৈছে ৷
ইতিমধ্যে বিটিআৰ অঞ্চলৰ পৰা এটা বেছ ইচৰোলৈ গৈ আহিছে ৷ পৰৱৰ্তী সময়ত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক পঠোৱাৰ যো জা কৰা হৈছে ৷ বিটিআৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক চেটেলাইট বনোৱাৰ কাৰণে ট্ৰেনিং দিয়াৰ ব্যৱস্থা কৰা হ’ব ৷
উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে ইছৰোৰ সঞ্চালক ড° দিপক সিং, বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়ো, নিলোৎপল কাশ্যপ (বিটিচি অতিৰিক্ত শিক্ষা বিভাগ ), মঃ জেহৰুল ইচলাম (স্কুল পৰিদৰ্শক বাক্সা ), গোবিন্দ যাদৱ (চি ই অ), বিটিআৰ কাৰ্যবাহী সদস্য উইলচন হাজদা, ৰাকেশ ব্ৰহ্মই উপস্থিত থাকে ৷