সৰ্বভাৰতীয় পৰ্যায়ত উজলিল বৰমা মহাবিদ্যালয়ঃ লাভ কৰিছে গ্ৰীণ চেম্পিয়ন ৰাষ্ট্ৰীয় বঁটা

সৰ্বভাৰতীয় পৰ্যায়ত উজলিল বৰমা মহাবিদ্যালয়ঃ লাভ কৰিছে গ্ৰীণ চেম্পিয়ন ৰাষ্ট্ৰীয় বঁটা

author-image
asomiyapratidin
New Update
সৰ্বভাৰতীয় পৰ্যায়ত উজলিল বৰমা মহাবিদ্যালয়ঃ লাভ কৰিছে গ্ৰীণ চেম্পিয়ন ৰাষ্ট্ৰীয় বঁটা

ডিজিটেল সংবাদ বাক্সা: কোৰোনাতংকৰ মাজতে বাক্সা জিলাবাসীৰ বাবে আহিছে এটি ভাল খবৰ। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ উচ্চ শিক্ষা বিভাগৰ অধীনস্থ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ শিক্ষা পৰিষদ চমুকৈ MGNCRE-ৰ দ্বাৰা আয়োজিত স্বচ্ছতা একশ্যন প্লেনৰ বিশেষ কাৰ্যসূচীৰ অধীনত বাক্সা জিলাৰ ঐতিহ্যমণ্ডিত অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান বৰমা মহাবিদ্যালয়ে লাভ কৰিছে গ্ৰীণ চেম্পিয়ন ৰাষ্ট্ৰীয় বঁটা। সংস্থাটোৱে স্বচ্ছতা কৰ্মসূচী ২০২০-২১ বৰ্ষৰ অধীনত মহাবিদ্যালয় সেউজকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা গ্ৰীণ চেম্পিয়ন বঁটাৰে বৰমা মহাবিদ্যালয়ে সৰ্বভাৰতীয় পৰ্যায়ত এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। স্বাভাৱিকতে এই খবৰে উৎফুল্লিত কৰি তুলিছে জিলাবাসীৰ লগতে মহাবিদ্যালয়খনৰ শিক্ষক গোট আৰু ছাত্ৰ-ছাত্ৰী সকলক।

Advertisment

উল্লেখ্য যে বৰমা মহাবিদ্যালয়ৰ চৌহদত সেউজীয়াকৰণ, জল আৰু শক্তি সংৰক্ষণ, অপচয় সংৰক্ষণ, অনাময় ব্যৱস্থা, পৰিষ্কাৰ পৰিচন্নতা আদিৰ আকৰ্ষণীয়তাৰ বাবে মহাবিদ্যালয়খনে গ্ৰীণ চেম্পিয়ন ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত হৈছে ৷ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় শিক্ষা পৰিষদৰ তৰফৰ পৰা ড° সবিতা মিশ্ৰৰ হৈ অলপতে জিলা উপায়ুক্ত আয়ুস গাৰ্গে বৰমা মহাবিদ্যালয়ৰ অধ্যক্ষক প্ৰদান কৰে এই বঁটা ৷

আনহাতে বৰমা মহাবিদ্যালয়ে উচ্চ শিক্ষাৰ উত্তৰণৰ সমান্তৰালকৈ সামাজিক আৰু পৰিৱেশৰ সামগ্ৰিক উত্তৰণৰ বাবে দায়বদ্ধতাৰে কাম কৰি অহাৰ বাবে এই সাফল্য লাভ কৰা বুলি উল্লেখ কৰি অধ্যক্ষ ড° টিকেন চন্দ্ৰ দাসে এই সফলতাৰ বাবে মহাবিদ্যালয়ৰ শিক্ষাৰ্থী, শিক্ষক গোট তথা কৰ্মচাৰীবৃন্দৰ শলাগ লয়। তদুপৰি অধ্যক্ষ দাসে মহাবিদ্যালয় খনৰ এই বাৰ্তাই সমাজলৈ এক ইতিবাচক বতৰা কঢ়িয়াই নিব বুলি আশা প্ৰকাশ কৰে।