বৰহোলা সামূহিক চিকিৎসালয়ত নুমলীগড় শোধানাগাৰে প্ৰদান কৰা এম্বুলেন্স সেৱা মুকলি

বৰহোলা সামূহিক চিকিৎসালয়ত নুমলীগড় শোধানাগাৰে প্ৰদান কৰা এম্বুলেন্স সেৱা মুকলি

author-image
Asomiya Pratidin
New Update
বৰহোলা সামূহিক চিকিৎসালয়ত নুমলীগড় শোধানাগাৰে প্ৰদান কৰা এম্বুলেন্স সেৱা মুকলি

ডিজিটেল সংবাদ,ঘিলাধাৰীঃ শুকুৰবাৰে বৰহোলা সামূহিক চিকিৎসালয়ত নুমলীগড় শোধনাগাৰ লিমিটেডৰ সামাজিক দায়বদ্ধতা পুঁজিৰ আঁচনিৰ দ্বাৰা প্ৰদান কৰা এম্বুলেন্স সেৱা মুকলি কৰা হয়৷ মুকলি কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে৷ এম্বুলেন্স সেৱা মুকলি কৰি সাংসদগৰাকীয়ে বৃহত্তৰ বৰহোলা অঞ্চলৰ ৰাইজৰ বহুদিনীয়া এটা সমস্যা সমাধান হোৱা বুলি জানিবলৈ দিয়ে৷

ইয়াৰ পূৰ্বে সাংসদগৰাকীয়ে তিতাবৰ উন্নয়ন খণ্ডৰ পঞ্চদশ বিত্তীয় আয়োগ ২০২১-২২ বৰ্ষৰ পুঁজি অধীনত ৩ লাখ টকা ব্যয়সাপেক্ষ সংশ্লিষ্ট চিকিৎসালয়ৰ প্ৰৱেশ পথৰ সন্মুখত নিৰ্মাণ কৰিবলগীয়া কেটেল ব্ৰীজৰ শুভাৰম্ভ কৰে ৷ তাৰ পিছতে চিকিৎসালয়ৰ প্ৰাংগনত অনুষ্ঠিত হোৱা এখন সভাত অংশগ্ৰহণ কৰে৷উপ-অধীক্ষক ডাঃ সৌৰভ বৰা আৰু সহঃ গাণনিক বিষয়া চম্পক কুমাৰ গগৈৰ তত্বাৱধানত অনুষ্ঠিত হোৱা সভাখন পৰিচালনা কৰে বৰহোলা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ জন আৰোগ্য সমিতিৰ সভাপতি ব্ৰজেন নেঁওগে৷

সভাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ,তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা,ঠেঙাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰী, তিতাবৰ মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া ডাঃ ৰূপাঞ্জলী ফুকন,বৰহোলা সামূহিক চিকিৎসালয়ৰ চিকিৎসক উপ-অধীক্ষক ডাঃ সৌৰভ বৰা,যোৰহাট জিলা বিজেপিৰ সম্পাদক দেৱজিৎ সোনোৱাল,বৰহোলা মণ্ডল বিজেপি সভানেত্ৰী প্ৰমিলা সোনোৱাল,সহঃ গাণনিক তথা সহঃ আঁচনি প্ৰবন্ধক বিষয়া চম্পক কুমাৰ গগৈ, বৰহোলা গাঁও পঞ্চায়তৰ সভানেত্ৰী নিভা বৰা,সচিব অৰ্চনাময়ী বৰা,কংকনা সোনোৱালকে প্ৰমুখ্য কৰি সংশ্লিষ্ট চিকিৎসালয়ৰ চিকিৎসক-নাৰ্চ,কৰ্মচাৰীৰ লগতে ভালেসংখ্যক ৰাইজ উপস্থিত থাকে৷উক্ত সভাত দুগৰাকী যক্ষ্মা ৰোগীক ৬ মাহলৈ নিশ্চয়কীট প্ৰদান কৰে সাংসদ তপন কুমাৰ গগৈয়ে৷

Also Read: ক’ত হেৰাল নগাঁও আৰক্ষী : এমাহত শতাধিক চুৰিকাণ্ড