/asomiyapratidin/media/media_files/2024/11/24/BSlJsUliHyeCRXq220xv.jpg)
ডিজিটেল সংবাদ: ঢকুৱাখনা: "এজন ব্যক্তিৰ জ্ঞান আৰু দক্ষতা থাকিলেও ব্যক্তিগৰাকীৰ যদি ইতিবাচক দৃষ্টিভংগী নাথাকে তেন্তে সমাজ বা নিজৰ ব্যক্তিগত জীৱনতো সঠিক দিক নিৰ্ণয় কৰিব নোৱাৰে । "ধেমাজি জিলাৰ অতিৰিক্ত আয়ুক্ত ড: সঞ্জীৱ কুমাৰ ফুকনে শনিবাৰে এই মনোজ্ঞ মন্তব্য কৰে ।
ধেমাজি জিলাৰ বৰদলনি শিক্ষা খণ্ডৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত "প্ৰণোদিতকৰণমূলক " সভাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি আগবঢ়োৱা মননশীল বক্তব্যত ডঃ ফুকনে বিভিন্ন দৃষ্টি ভংগীৰ মাজেৰে সমস্যাৰ লগত যুঁজাৰ মানসিকতা,মগজুৰ জড়তা, কামৰ তালিকা প্ৰস্তুতৰ ক্ষেত্ৰত চাৰিটা কৌশল যেনে কম জৰুৰী আৰু বেছি গুৰুত্বপূৰ্ণ, জৰুৰী আৰু কম গুৰুত্বপূৰ্ণ আদিৰ লগতে বৌদ্ধিক ঘড়ীৰ গতি নিৰ্বাচন প্ৰক্ৰিয়াৰ ওপৰতো গৱেষণামূলক ,সংবেদনশীল আৰু অনুপ্ৰেৰণামূলক বক্তব্য দাঙি ধৰি উপস্থিত শিক্ষাগুৰু সকলক অনুপ্ৰাণিত কৰে। গোগামুখৰ মহৰীকেম্প উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা খণ্ডটোৰ প্ৰায় দুইশতাধিক প্ৰধান শিক্ষকৰ উপস্থিতিত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাৰ আঁতধৰে বৰদলনি শিক্ষা খণ্ডৰ শিক্ষা বিষয়া নীৰন দত্তই ।
বিদ্যালয়ৰখনৰ অধ্যক্ষ ৰাজু শৰ্মাৰ নেতৃত্বত শিক্ষক শিক্ষয়িত্ৰীসকলে পৰিবেশন কৰা এটি শ্ৰুতিমধুৰ বৃন্দ গানেৰে শুভাৰম্ভ হোৱা সভাত বিশেষভাৱে আমন্ত্ৰিত অতিথি বিশিষ্ট সাহিত্যিক, কবি উপন্যাসিক তথা অসম সাহিত্য সভাৰ দ্বাৰা নিৰ্বাচিত বঁটাপ্ৰাপক মাজুলীৰ গোবিন্দ কুমাৰ খাউন্দে দেশৰ লগতে বিশ্বৰ বিভিন্ন সামাজিক স্থিতিৰ ওপৰত ৰসাল দৃষ্টিৰে উপস্থাপন কৰি "মোৰো এটি সপোন আছিল ' গ্ৰন্থখনৰ স্ৰষ্টা ৰুবুল মাউটৰ জীৱন পৰিক্ৰমাত নেতিবাচক সময়বোৰৰ প্ৰসংগ সংগতি দাঙি ধৰি অনুপ্ৰেৰণা মূলক বক্তব্য আগবঢ়াই।খাউণ্ডে পদ্মশ্ৰী তথা অসম গৌৰৱ বঁটা প্ৰাপক বীৰুবালা ৰাভাৰ জীৱন সংগ্ৰামৰ বিষয়েও ভাষণ প্ৰসঙ্গত উল্লেখ কৰি শিক্ষক সমাজৰ মাজত কামৰ হেঁচা বা প্ৰত্যাহ্বান থাকিলেও ত্যাগ আৰু উৎসৰ্গিত মনোভাবেৰে সেৱা আগবঢ়াই সমাজ নতুবা পৰিয়ালৰ মাজত সন্তুষ্টিৰে জিলিকি থাকি আদৰ্শ ব্যক্তি হোৱাৰ সপোন দেখাৰ বাবেও শিক্ষাগুৰু সকলক আহ্বান জনাই।
"এদিন আমি কৰা ভূলবোৰৰ পৰিণতি এক নিসংগ জীৱন যাতে নহয়" তাৰ প্ৰতিও লক্ষ্য আৰু সচেতন হোৱা উচিত বুলি খাউণ্ডে নিজৰ বক্তব্যত উল্লেখ কৰে । গীত আৰু কবিতাৰ উমাল পৰিবেশৰ এক গাম্ভীয্যপূৰ্ণ সভাত উপস্থিত সকলো শিক্ষাগুৰুৱে নিজৰ লগতে সামাজিক আৰু শিক্ষানুষ্ঠানৰ মুৰব্বী হিচাপে জীৱন পৰিক্ৰমাৰ এই সময়চোৱাত এক নতুন সতেজ অনুভৱ কৰা বুলি একেমুখে অৱগত কৰে ।
শিক্ষা খণ্ডটোৰ দুগৰাকী খণ্ড সমল ব্যক্তি ক্ৰমে মুকুল সুত আৰু প্ৰণতি দেৱীৰ প্ৰচেষ্টাত অনুষ্ঠিত ব্যতিক্ৰমী অনুষ্ঠানটোৱে সমগ্ৰ শিক্ষা খণ্ডটোতে এক ইতিবাচক প্ৰভাৱ পেলোৱা বুলি উপস্থিত অভ্যাগত সকলে মত প্ৰকাশ কৰে। মনোজ্ঞ এই অনুষ্ঠানত জ্যেষ্ঠ শিক্ষক বিমল স্বৰ্গীয়াৰী, ধেমাজি শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি কনক গগৈৰ লগতে শিক্ষা খণ্ডটোৰ কেইবাগৰাকী মণ্ডল সমন্বয়ক ক্ৰমে সৰ্বেশ্বৰ চেত্ৰী , অপূৰ্ব চুতীয়া আদি উপস্থিত থাকি অনুষ্ঠানটোৰ সফল পৰিসমাপ্তিত সহযোগিতা আগবঢ়াই ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us