/asomiyapratidin/media/media_files/2025/04/03/0m9YIR4NOIjMsQJB6Svc.jpg)
সীমান্ত ক্রীড়া মহোৎসৱ ২০২৫
ডিজিটেল ডেস্ক: গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব "সীমান্ত ক্রীড়া মহোৎসৱ' ২৫"। অহা ৯, ১০ আৰু ১১ এপ্রিল'২০২৫ত অনুষ্ঠিত হ'ব প্ৰতিযোগিতাখন। সীমা জাগৰণ মঞ্চই আয়োজন কৰিছে "সীমান্ত ক্রীড়া মহোৎসৱ' ৰ।
উল্লেখযোগ্য যে, দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা লোকসকলৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আদি দিশত সকলো প্ৰকাৰৰ বিকাশ সাধনৰ জৰিয়তে সেই লোকসকলৰ মনত দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয়তাবোধৰ ভাৱনা বৃদ্ধি কৰিবলৈ ১৯৮৫ চনত ৰাজস্থানৰ যোধপুৰত সীমা জাগৰণ মঞ্চৰ জন্ম হৈছিল। পৰবৰ্তী সময়ত অসমৰ সীমান্তৱৰ্তী গাঁও সমূহত বিভিন্ন ধৰণৰ কাৰ্যক্ৰম যেনে, খেল-ধেমালি, সৎসংগ, সজাগতামূলক সভা, প্রাক-নিযুক্তিকালীন প্রশিক্ষণ আৰু কৌশল বিকাশৰ বিভিন্ন যোজনা আদিৰ জৰিয়তে যুৱক-যুৱতীসকলৰ স্বাৱলম্বন সামর্থ্য আৰু সাহস বৃদ্ধি কৰিবলৈ ২০০৮ চনত ধুবুৰী জিলাত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ জন্ম হয়। জন্ম হোৱা দিন ধৰি সীমান্ত অঞ্চলৰ বিভিন্ন গঠনমূলক কাম-কাজত সেৱা আগবঢ়াই আহিছে সংগঠনটোৱে।
সুৰক্ষা, স্বাৱলম্বন আৰু একতাকে মূলমন্ত্ৰ হিচাপে সাৰোগত কৰি সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে জন্মলগ্নৰে পৰা সীমান্তবাসী জনসাধাৰণৰ হকে কাম কৰি আহিছে। নিৰ্ধাৰিত বার্ষিক কাৰ্যসূচীসমূহৰ ভিতৰত সীমান্ত ক্রীড়া মহোৎসৱ অনুষ্ঠিত কৰি অহাটোও অন্যতম। ক্রীড়াৰ দ্বাৰা ব্যক্তিৰ চৰিত্ৰ তথা ব্যক্তি নির্মাণ আৰু ব্যক্তি নিৰ্মাণৰ দ্বাৰা ৰাষ্ট্ৰ নিৰ্মাণৰ মহৎ লক্ষ্যত উপনীত হোৱাৰ মানসেৰে যুৱক-যুৱতীসকলৰ ক্ৰীড়া প্রতিভা বিকাশ সাধনৰ বাবেও প্রচেষ্টা অব্যাহত আছে।
একতা আৰু সংহতিৰ মনোভাৱ বৰ্তাই ৰাখি অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ লগত সংলগ্ন থকা শূণ্য ৰেখাৰ পৰা ২০ কিলোমিটাৰ ভিতৰৰ অঞ্চলৰ চাব জুনিয়ৰ (১৪ বছৰৰ পৰা ১৭ বছৰলৈ) আৰু জুনিয়ৰ (১৭ বছৰৰ পৰা ২০ বছৰলৈ) এই দুই শাখাত খেলুৱৈসকলক অংশগ্ৰহণ কৰাই "সীমান্ত ক্রীড়া মহোৎসৱ' ২৫" অহা ৯, ১০ আৰু ১১ এপ্রিল ২০২৫ তাৰিখে গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।
এই প্রতিযোগিতাত ইতিমধ্যে অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী ৯ খন জিলাত ২১ ডিচেম্বৰ ২০২৪ ৰ পৰা ৩০ জানুৱাৰী ২০২৫ তাৰিখলৈ অনুষ্ঠিত হৈ যোৱা, প্রায় ৬০০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰা জিলাভিত্তিক যোগ্যতা নির্ণায়ক খেল প্রতিযোগিতাৰ (১০০ মিটাৰ, ২০০ মিটাৰ, ৮০০ মিটাৰ দৌৰ, লং জাম্প, হাই জাম্প, ট্রিপল জাম্প, শ্বট পুত, জেভেলিন থ্র', ডিস্কাছ থ্র', ৰিলে ৰেচ্, মাৰাথন ৰেচ্ আদি) যোগেদি বাচনি কৰা প্ৰায় ৬০০ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।